ভাৰতৰ ভয়ত কম্পমান, পাক সেনাপ্ৰধানৰ পৰিয়ালৰ পলায়ন
পেহেলগামত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী, ভুক্তভোগীক সাক্ষাত
নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ ভাৰতৰ ভয়ত কম্পমান পাকিস্তান। থৰহৰি কম্পমান হৈছে দেশখন। নিৰ্মৰতাৰ চৰম সীমা চলোৱা দেশখনে ভাৰতৰ ভয়ত হৈছে কম্পমান। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ এই কাৰ্যৰ বাবে আতংকিত হৈ পৰিছে পাকিস্তান সেনা। পাকিস্তানৰ সেনাপ্ৰধান জেনেৰেল অসীম মুনিৰে পৰিয়ালটোক বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিছে। সূত্ৰ অনুসৰি পাকিস্তান সেনাৰ বহু বিষয়াই ব্যক্তিগত বিমানেৰে নিজৰ পৰিয়ালক ব্ৰিটেইন আৰু নিউ জাৰ্চিলৈ প্ৰেৰণ কৰিছে।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ৪৮ ঘণ্টাৰ ভিতৰত ভাৰতে কালি যুদ্ধজাহাজ আই এন এছ চুৰাটৰ পৰা ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি আৰব সাগৰত শত্ৰুপক্ষক এক শক্তিশালী বাৰ্তা প্ৰদান কৰে। ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজে ক্ষেপণাস্ত্ৰৰে সাগৰত এটা লক্ষ্য ধ্বংস কৰে।
যেতিয়া পাকিস্তানে আৰব সাগৰত ফায়াৰিং ড্ৰিল আৰম্ভ কৰিছিল, তেতিয়া ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় নৌসেনাই বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তক সাগৰত অৱতৰণ কৰিছিল। আই এন এছ বিক্ৰান্তত মোতায়েন কৰা হৈছে মিগ-২৯কে যুঁজাৰু বিমান আৰু আক্ৰমণাত্মক হেলিকপ্টাৰ। ইফালে ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি পেহেলগাম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ শ্ৰীনগৰত উপস্থিত হয়। এই সময়ছোৱাত আৰ্মী নৰ্দাৰ্ণ কমাণ্ড কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল এম ভি সুচিন্দ্ৰ কুমাৰো আৰ্মী প্ৰধানৰ লগত আছিল।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশে সন্ত্ৰাসবাদৰ আশ্ৰয় পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ভাৰতৰ সকলো ৰাজনৈতিক দলো এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ লগত আছে। পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া দেশখনৰ সৈতে কৰা সিন্ধু জল সন্ধি স্থগিত ৰাখে। আটাৰী সীমান্তৰ পৰা চলাচল বন্ধ কৰি দিয়া হৈছে। পাকিস্তানী নাগৰিকৰ ভিছা বাতিল কৰি ৪৮ ঘন্টাৰ ভিতৰত দেশ এৰি যাবলৈ কোৱা হৈছে।
গৃহমন্ত্ৰী অমিত শ্বাহে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক ফোন কৰি ভাৰত এৰি যোৱাৰ সময়সীমা পাৰ হোৱাৰ পিছতো যাতে কোনো পাকিস্তানী দেশত নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কয়। পেহেলগাম আক্ৰমণৰ সীমা অতিক্ৰম কৰি ভাৰতে পাকিস্তানী নাগৰিকৰ বাবে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভিছা সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে।
ইফালে আজি শ্ৰীনগৰ ভ্ৰমণৰ বাবে উপস্থিত হয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী। এই সময়তে তেওঁ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক সাক্ষাৎ কৰে। তেওঁ আহতসকলৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰাৰ লগতে ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু নেচনেল কনফাৰেঞ্চৰ নেতা ফাৰুক আব্দুল্লাকো সাক্ষাৎ কৰে।
কংগ্ৰেছৰ এক্স একাউণ্টে ৰাহুল গান্ধীয়ে ভুক্তভোগীক লগ পোৱাৰ ছবি শ্বেয়াৰ কৰি লিখিছে যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী ঘটনাটো মানৱতাৰ ওপৰত আক্ৰমণ, প্ৰেম আৰু ভাতৃত্ববোধ ধ্বংস কৰাৰ এক লজ্জাজনক প্ৰচেষ্টা। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি সকলোৱে একত্ৰিত হৈ আছো। আমি একেলগে এই ঘৃণাৰ শক্তিবোৰৰ উপযুক্ত উত্তৰ দিব লাগিব।
ৰাহুল গান্ধীয়ে কয় যে জম্মু-কাশ্মীৰৰ সকলো জনসাধাৰণে এই ঘটনাক লৈ লাজ পাইছে। তেওঁ কয় যে ২৪ এপ্ৰিলত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হৈছিল, য’ত সকলো বিৰোধী দলে সৰ্বসন্মতিক্ৰমে এই ঘটনাক গৰিহণা দিয়ে। তেওঁ কয় যে এই সময়ত সমগ্ৰ দেশ একেলগে থিয় দিছে। তেওঁ কয় যে জম্মু-কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু চৰকাৰে যি পদক্ষেপ লওঁক আমি ইয়াৰ সৈতে আছো।
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ দেশ দেশৰ সৈতে থিয় দিছে। মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰা বুলিও কয়। পেহেলগামৰ আক্ৰমণ সন্দৰ্ভত তেওঁ কয়, “এয়া এক দুখজনক ঘটনা… জম্মু-কাশ্মীৰৰ সকলো ৰাইজে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে। এই পৰিস্থিতিত কাশ্মীৰৰ জনসাধাৰণ সম্পূৰ্ণৰূপে ভাৰতৰ সৈতে আছে।”
কংগ্ৰেছ নেতা গৰাকীয়ে কয়, ‘এয়া এক ভয়ংকৰ ট্ৰেজেডী। মই কি হৈছে চাবলৈ আহিছো। জম্মু-কাশ্মীৰৰ সকলো ৰাইজে এই সন্ত্ৰাসবাদী কাণ্ডক গৰিহণা দিছে। এই কঠিন সময়ত তেওঁ পূৰ্ণ সমৰ্থন আগবঢ়াইছে। আহতক লগ পাইছো। এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্য হৈছে আমাক বিভাজিত কৰা।একেলগে থিয় দি এই লোকসকলক পৰাস্ত কৰাটো আমাৰ কৰ্তব্য।’