নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য-২০২১ঃ মমতাৰ দুর্গ দখল কৰিবলৈ বাংলা ভাষা শিকিছে অমিত শ্বাহে

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ তৃণমূল কংগ্রেছৰ নেত্রী মমতা বেনার্জীৰ দুর্গ হিচাপে পৰিচিত পশ্চিমবংগ দখলৰ সংকল্প গ্রহণ কৰিছে বিজেপি সভাপতি তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷

মমতাৰ ‘মা মাটি মানুহ’ শ্লোগানৰ মাজতে পশ্চিমবংগ দখল কৰিবলৈ ৰাজ্যখনৰ জনসাধাৰণক প্রভাৱিত কৰাৰ উদ্দেশ্যে বাংলা ভাষা শিকি আছে অমিত শ্বাহে৷

২০২১ত হ’বলগীয়া পশ্চিমবংগ বিধানসভা নির্বাচনত বিজেপিয়ে জয়লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে দলটোৰ কেইবাগৰাকীও নেতাই৷ কিন্তু অন্য নেতাসকলৰ দৰে ঘোষণা কৰিয়েই বহি থকা নাই অমিত শ্বাহে৷ পশ্চিমবংগ দখল কৰিবলৈ হ’লে বাংলা ভাষা আয়ত্ত কৰি বিজেপিৰ ৰণকৌশল ৰাজ্যখনৰ জনসাধাৰণৰ মাজত প্রয়োগ কৰিব লাগিব বুলি বিশ্বাস কৰে শ্বাহে৷

গতিকে কেইবাখনো ৰাজ্যৰ বিধানসভা নির্বাচনত ব্যর্থতা সত্ত্বেও বিজেপিৰ চাণক্য হিচাপে পৰিচিত অমিত শ্বাহে আগন্তুক বিধানসভা নির্বাচনত পশ্চিমবংগত বাংলা ভাষাৰে প্রচাৰ সভাবোৰ সম্বোধন কৰাৰ সংকল্প লৈছে৷

You might also like