নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুঞ্চ-ৰাজৌৰীত শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি : ঘটনাক গৰিহণা ভিন্নজনৰ

বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত কালি সেনাবাহিনীৰ এখন ট্ৰাকত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে ব্যাপক ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ কৰা হৈছে। সামৰিক বাহনখনত সন্ত্ৰাসবাদী আক্ৰমণত ৫ জোৱানৰ মৃত্যু হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। সেনাই জনোৱা মতে, সন্ত্ৰাসবাদবিৰোধী অভিযানৰ বাবে নিয়োজিত ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ আটাইকেইজন জোৱান কঢ়িয়াই অনা বাহনখনত সন্ত্ৰাসবাদীয়ে বিয়লি প্ৰায় ৩ বজাত গুলীচালনা কৰে আৰু পিছত গ্ৰেনেড আক্ৰমণৰ বাবে বাহনখন জ্বলি উঠে। ৰাজৌৰিত হিন্দু পৰিয়ালক লক্ষ্য কৰি লোৱা আক্ৰমণৰ তিনি মাহৰ পাছতেই এই আক্ৰমণ সংঘটিত হৈছে। এই আক্ৰমণত ৭জন লোক নিহত হোৱাৰ লগতে ডজনৰো অধিক লোক আহত হয়। দুৰ্বৃত্তক বিচাৰি উলিয়াবলৈ অঞ্চলটোত ব্যাপক নিৰাপত্তা অভিযান চলোৱাৰ পিছতো এতিয়াও পলাতক অৱস্থাত আছে। আৰক্ষীয়ে সন্ত্ৰাসবাদীকেইটা পাকিস্তানী নাগৰিক বুলি জানিবলৈ দিছে। সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ বাবে তদন্তকাৰী দল ৰাওনা হৈছে। পুঞ্চৰ ভীম্বাৰ গালি অঞ্চলৰ সমীপৰ স্থানত ফৰেনছিক বিশেষজ্ঞৰ এটা দলো আছে বুলি বিষয়াসকলে লগতে কয়। ইফালে শ্বহীদ পাঁচ জোৱানৰ ভিতৰত চাৰিজন পঞ্জাৱৰ হোৱাৰ বিপৰীতে এজন জোৱান ওড়িশাৰ। শ্বহীদ জোৱানকেইজন হল ক্ৰমে হাবিলদাৰ মনদ্বীপ সিং, লেন্স নাইক দেৱাশীষ বাসৱাল, লেন্স নাইক কুলৱন্ত সিং, চিপায় হৰকৃষণ সিং আৰু চিপাহী সেৱক সিং। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে সাহসী জোৱানসকলৰ প্ৰাণদানে তেওঁক মনোকষ্ট দিছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে টুইট কৰি কয় যে এই কৰুণ ঘটনাৰ শ্বহীদৰ শোকসন্তপ্ত পৰিয়ালৰ সতে মই আছো। ইফালে ৰাজনৈতিক দলসমূহেও এই আক্ৰমণক গৰিহণা দিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে এক টুইটত কয় যে, “জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাবাহিনীৰ এখন বাহনত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছোঁ। ৫ ৰাষ্ট্ৰীয় ৰাইফলৰ সাহসী জীৱনদানৰ লগতে পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আহত জোৱানসকলৰ বাবে আমাৰ প্ৰাৰ্থনা। সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি একত্ৰিত হৈ আছোঁ।’ ৰাহুল গান্ধীয়ে কয় যে সেই বীৰসকলৰ প্ৰতি মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি আৰু তেওঁলোকৰ শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। জম্মু-কাশ্মীৰ বিজেপিৰ মুৰব্বী ৰবিন্দৰ ৰাইনাই কয় যে জোৱান হত্যাৰ প্ৰতিশোধ লোৱা হ’ব। ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ওমৰ আব্দুল্লাই টুইট কৰি কয়, “পুঞ্চত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ংকৰ খবৰ যিয়ে কৰ্তব্যৰত অৱস্থাত থকা ৫জন সেনা জোৱানৰ প্ৰাণ কাঢ়ি নিলে। মই এই জঘন্য আক্ৰমণক নিৰ্দ্বিধায় গৰিহণা দিছো আৰু নিহত হোৱাসকলৰ আপোনজনলৈ মোৰ সমবেদনা প্ৰেৰণ কৰিছোঁ। বিদায়ীসকলৰ আত্মাই শান্তিৰে বিশ্ৰাম লওক।” আপনি পাৰ্টিৰ সভাপতি আলতাফ বুখাৰীয়ে কয় যে কাপুৰুষীয়া সন্ত্ৰাসবাদী আক্ৰমণত গভীৰ দুখ প্ৰকাশ কৰিছোঁ। পিপলছ কনফাৰেন্সৰ অধ্যক্ষ সাজাদ ল’নেও এই আক্ৰমণক গৰিহণা দিছে। পাকিস্তানে অহা মাহত ছাংহাই সহযোগিতা সংস্থাৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত গোৱাত ভাৰত ভ্ৰমণ কৰিব বুলি পাকিস্তানে ঘোষণা কৰা দিনটোত এই সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়। ২০১১ চনত হিনা ৰাব্বানী খাৰৰ পিছত মিষ্টাৰ জাৰ্দাৰীৰ ভাৰত ভ্ৰমণ হ’ব পাকিস্তানৰ কোনো বৈদেশিক মন্ত্ৰীৰ প্ৰথম ভ্ৰমণ। উল্লেখ্য যে ২০১৯ চনত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণ আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানৰ বালাকোটত থকা সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰত ভাৰতে এয়াৰ ষ্ট্ৰাইক চলোৱাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক তীব্ৰ উত্তেজনালৈ আহে।

You might also like