গোলকীয় বায়ু প্রদূষণ সন্দর্ভত চীন ভাৰত–ৰাছিয়াক দোষাৰোপ ট্রাম্পৰ
নিয়মীয়া বাৰ্তা ১৭ অক্টোবৰঃ গোলকীয় বায়ু প্রদূষণৰ বাবে চীন–ৰাছিয়াৰ লগতে ভাৰতকো দোষাৰোপ কৰিলে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মার্কিন ৰাষ্ট্রপতি ট্রাম্পে তেওঁৰ শাসনকালত আমেৰিকাই পৰিৱেশ পৰিচ্ছন্ন কৰাৰ বাবে বিভিন্ন কাম কৰি থকা বুলি উল্লেখ কৰে৷ মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে কয় যে তেওঁৰ দেশখন হৈছে শ্রেষ্ঠ পৰিৱেশমূলক৷ বায়ু প্রদূষণ প্রতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ লৈছে৷
ইয়াৰ বিপৰীতে চীন, ৰাছিয়া আৰু ভাৰতৰ লেখীয়া দেশসমূহে বায়ু প্রদূষণ বৃদ্ধি কৰি আছে৷ চিৰ প্রতিদ্বন্দ্বী চীনক দোষাৰোপ কৰাৰ লগতে বন্ধু ৰাষ্ট্র ভাৰতক বায়ু প্রদূষণৰ বাবে জগৰীয়া কৰা মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে কয় যে পেৰিছ জলবায়ু চুক্তিৰ পৰা চীন আৰু ভাৰতৰ লেখীয়া দেশসমূহ লাভৱান হৈছে৷ ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্রৰ কোনো লাভ হোৱা নাই৷ এইক্ষেত্রত দেশখনৰ বিৰুদ্ধে অন্যায় কৰা হৈছিল৷