জয়ৰ পিছতে ‘প্রেমিক’ হৈ পৰিল ট্রাম্প
🔹 নির্বাচনৰ ফল ঘোষণাৰ পিছতে পত্নী মেলানিয়াক চুম্বন
নিউজ ডেস্ক, ৭ নৱেম্বৰ : দূৰত্বই হেনো প্রেম বঢ়ায়৷ সাফল্যও সেইবাবেই হয়৷ বহু বিতর্ক, প্রাণঘাতী আক্রমণৰ মুখৰ পৰা ৰক্ষা পৰি পুনৰ যুদ্ধজয় ৷ আমেৰিকাৰ ৰাষ্ট্রপতি আসনত বহিবলৈ ওলাইছে ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্প৷ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে কালি নির্বাচনৰ ভোটগণনা চলি থকাৰ সময়তে পুনৰ বিজয়ী হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰে৷ বিয়লিলৈকে মেজিক ফিগাৰ অতিক্রম কৰে ট্রাম্পে৷ সেই ইংগিত পোৱাৰ পিছতে ফ্ল’ৰিডাৰ ৱেষ্ট পাম বীচ্চৰ পৰা কার্যতঃ বিজয় ভাষণ আৰম্ভ কৰে ট্রাম্পে৷ ভাষণৰ মাজতে ৭৮ বছৰ বয়সীয়া আগন্তুক ৰাষ্ট্রপতি হৈ উঠে ‘প্রেমিক’৷ ওচৰতে থিয় হৈ থকা পত্নী মেলানিয়াক টানি আনি গালত চুম্বন দিয়ে ট্রাম্পে৷ ৫৩৮ আসনৰ ইলেক্ট’ৰেল কলেজৰ ভিতৰত মেজিক সংখ্যা হৈছে ২৭০৷ ২৭০ অতিক্রম কৰাৰ পিছতেই ট্রাম্পৰ লগতে ৰিপাব্লিকান কর্মী–সমর্থকসকলে আৰম্ভ কৰে বিজয় উৎসৱ৷ ২০২৪ৰ ৰাষ্ট্রপতি নির্বাচনত ট্রাম্পে ২৭৭খন আসন লাভ কৰাৰ বিপৰীতে ডেম’ক্রেটিক নেত্রী কমলা হেৰিছে লাভ কৰে ২২৬ আসন৷ নির্বাচনত জয়লাভ কৰাৰ লগে লগে আৱেগপ্রৱণ হৈ পৰে প্রাক্তন ৰাষ্ট্রপতি ট্রাম্প৷ পত্নীয়ে লিখা গ্রন্থৰ বাবে ভূয়সী প্রশংসাও কৰে ট্রাম্পে৷ ইয়াৰ পিছতে পত্নী মেলানিয়াক সাবটি ধৰি অসংখ্য দলীয় নেতা–কর্মীৰ সন্মুখতে চুম্বন দিয়ে ট্রাম্পে৷ লক্ষণীয়ভাৱে কালি নির্বাচনী যুঁজত নিজৰ সহধর্মিণীৰ ভূমিকাৰ কথাও উল্লেখ কৰে ট্রাম্পে৷ লক্ষণীয়ভাৱে পর্নষ্টাৰ ষ্টর্মি ডেনিয়েলৰ সৈতে যৌন সম্পর্কৰ পিছত উৎকোচ দি এই ঘটনা গোপন কৰিব বিচৰাৰ অভিযোগত নিউয়র্কৰ আদালতে ট্রাম্পক দোষী সাব্যস্ত কৰে৷ তেতিয়াৰে পৰা ট্রাম্পৰ সৈতে কোনোধৰণৰ সম্পর্ক ৰক্ষা কৰি চলা নাছিল মেলানিয়া ট্রাম্পে৷ পুত্র বেৰনৰ সৈতে পাম বীচ্চৰ বাসভৱনত আছিল মেলানিয়া৷ কিন্তু নির্বাচনত ট্রাম্পৰ জয়ৰ লগে লগে পুনৰ মেলানিয়াক দেখিবলৈ পোৱা গ’ল স্বামীৰ সৈতে৷