নির্বাচনৰ পূর্বে ট্রাম্পৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ
🔹 ছুইজাৰলেণ্ডৰ প্রাক্তন মডেলে ঘটালে বিস্ফোৰণ
নিউজ ডেস্ক, ২ নৱেম্বৰ : আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনলৈ মাজত মাত্র তিনিটা দিন বাকী৷ নির্বাচনৰ পূর্বে পুনৰ যৌন কেলেংকাৰিৰ অভিযোগ উঠিল ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে৷ প্রাক্তন মডেল ষ্টেছি উইলিয়ামছৰ পিছত এইবাৰ ট্রাম্পৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ আনিছে প্রাক্তন মিছ ছুইজাৰলেণ্ড প্রতিযোগী ব্রিটিছ কিউলে৷ প্রাক্তন মার্কিন ৰাষ্ট্রপতিৰ বিৰুদ্ধে অভিযোগ তুলি কিউলে কয় যে ১৯৯৩ চনত নিউয়র্কত নিজৰ হোটেলৰ ছ্যুইটত ব্যক্তিগত কথা কোৱাৰ ছলেৰে তেওঁক মাতি নি শ্লীলতা হানি কৰিছিল ট্রাম্পে৷ ঘটনাৰ আকস্মিকতাত স্তম্ভিত হৈ পৰিছিল বুলি সংবাদ মাধ্যমক জনাইছে কিউলে৷ স্মর্তব্য যে ১৯৯২ চনত মিছ ছুইজাৰলেণ্ড বিউটী পেজেণ্টৰ প্রতিযোগী আছিল কিউল৷ ছুইজাৰলেণ্ডৰ মানুহৰ বাবে আমেৰিকা অতি গর্বৰ বিষয়৷ মানহাটনৰ প্লাজা হোটেললৈ ৫০গৰাকী প্রতিযোগীক এটা ইভেণ্টৰ বাবে অনা হৈছিল বুলি কিউলে মন্তব্য কৰে৷ প্রতিযোগীসকলৰ সৈতে বার্তালাপ কৰিব বিচাৰিছিল ট্রাম্পে৷ লক্ষণীয়ভাৱে ১০–১৫ মিনিটৰ সাক্ষাতৰ সময়তে ট্রাম্পে কিউলক পছন্দ কৰে বুলিও জনাইছিল৷ বিকৃত মানুহৰ সন্মুখত নিজক শান্ত নাৰাখিলে ভয়াৱহ ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা কৰিয়েই কিউলে সেই সময়ত মৌনতা অৱলম্বন কৰিছিল বুলি শেহতীয়াকৈ সংবাদ মাধ্যমক জনাইছে৷ অৱশ্যে এই অভিযোগ সম্পূর্ণ মিছা বুলি দাবী কৰিছে ট্রাম্পৰ প্রেছ সচিব কেৰ’লিন লিভিটে৷ আগন্তুক ৫ নৱেম্বৰত হ’বলগীয়া নির্বাচনৰ পূর্বে প্রাক্তন মডেলগৰাকীৰ এনে অভিযোগে ট্রাম্পক সংকটত পেলাব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷