ৰাষ্ট্রপতি নির্বাচনৰ বাবে অযোগ্য ট্রাম্প
বিশেষ বাৰ্তা, ২১ ডিচেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে বৃহৎ বিপর্যয়ৰ সন্মুখীন হৈছে ৰিপাব্লিকান নেতা ড’নাল্ড ট্রাম্প৷ প্রাক্তন মার্কিন ৰাষ্ট্রপতিগৰাকী নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে অযোগ্য বুলি ঘোষণা কৰিছে এখন আদালতে৷ গতিকে আগন্তুক বছৰত আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্রত বাধাৰ সন্মুখীন হৈছে ড’নাল্ড ট্রাম্প৷ ২০২১ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ কেপিটলত ট্রাম্পৰ সমর্থকসকলে আক্রমণ চলাইছিল৷ তাত প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ যি ভূমিকা আছিল সেই ভূমিকাক সমালোচনা কৰি কলোৰাডো প্রদেশৰ উচ্চতম ন্যায়ালয়ে এই কঠোৰ ৰায় প্রদান কৰিছে৷ আমেৰিকাৰ ইতিহাসত ট্রাম্পেই প্রথমগৰাকী ৰাষ্ট্রপতি পদৰ প্রার্থী, যাক হোৱাইট হাউছত প্রৱেশৰ বাবে অযোগ্য বুলি ঘোষণা কৰা হৈছে৷ অৱশ্যে আদালতৰ এই নির্দেশ মাত্র আগন্তুক পাঁচ মার্চত কলোৰাডোৰ প্রাথমিক নির্বাচনৰ ক্ষেত্রতহে প্রযোজ্য হ’ব৷ কিন্তু ৰাজনৈতিক বিশেষজ্ঞসকলে ধাৰণা কৰিছে যে ইয়াৰ প্রভাৱ পাঁচ নৱেম্বৰত হ’ব লগা আমেৰিকা ৰাষ্ট্রপতি নির্বাচনতো পৰিব৷ সেই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্রত তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব লগা হ’ব পাৰে প্রাক্তন ৰিপাব্লিকান ৰাষ্ট্রপতিগৰাকী৷ আমেৰিকাৰ সংবিধানত যি ধাৰা অনুসৰি ট্রাম্পক অযোগ্য ঘোষণা কৰিছে আদালতে, সেই ধাৰা এতিয়াও খুব কমেই প্রয়োগ কৰা হৈছে দেশখনৰ বিচাৰ প্রক্রিয়াত৷ উল্লেখনীয় এই ৰায়ৰ বিৰুদ্ধে ৪ জানুৱাৰীৰ ভিতৰত দেশখনৰ শীর্ষ আদালতত আবেদন জনোৱাৰ সুযোগ পাব ট্রাম্পে৷
#বাৰ্তা ডেস্ক