নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্ৰাম্প-মাস্কৰ বন্ধুত্ব ভংগ! টেছলাৰ CEO-এ গঠন কৰিব নতুন দল

মাস্কে বিগ বিউটিফুল বিলক বিগ অগ্লি বিল বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত আমেৰিকাৰ ঘাটি ২.৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব

ট্ৰাম্প-মাস্কৰ বন্ধুত্ব ভংগ! টেছলাৰ চিইঅ’ৱে গঠন কৰিব নতুন দল

নিউজ ডেস্ক, ৬ জুন : আমেৰিকাত ইলন মাস্ক আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজৰ দূৰত্ব গভীৰ খাদত পৰিণত হৈছে। ইয়াৰ আৰম্ভণি হৈছিল যেতিয়া মাস্কৰ ঘনিষ্ঠ সহযোগী জেৰেড আইজাকমেনৰ নাম নাছাৰ নতুন মুৰব্বী হিচাপে আহিছিল। এই নামটোৰ পৰা হঠাতে পিছুৱাই গৈ ট্ৰাম্পে কয় যে তেওঁ আন কিবা নাম ঘোষণা কৰিব। মাস্কৰ বাবে এইটো আছিল এক ৰাজনৈতিক বিপৰ্যয়, কিয়নো আইজাকমেনৰ নামটোৱেই আছিল তেওঁৰ মহাকাশ কৌশলৰ কেন্দ্ৰবিন্দু।

শেহতীয়াকৈ ইলন মাস্কেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিগ বিউটিফুল বিলক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ বাবেই তেওঁ ড’জে বিভাগৰ পৰা পদত্যাগ কৰে। অৱশ্যে বিগ বিউটিফুল বিলক লৈ ট্ৰাম্পৰ মতামত বেলেগ। তেওঁ ইয়াক ঐতিহাসিক কৰ কৰ্তন আৰু মাগা অভিযানৰ বাবে প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। কিন্তু মাস্কে বিগ বিউটিফুল বিলক বিগ অগ্লি বিল বুলি অভিহিত কৰি কয় যে ইয়াৰ ফলত আমেৰিকাৰ ঘাটি ২.৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব।

মাস্কক ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাবুকি

টেছলাৰ মালিক ইলন মাস্কৰ মনোভাব দেখি ৰাষ্ট্ৰপতি ট্ৰাম্পে হুংকাৰ দিয়ে যে ইলন মাস্কৰ ৰাজসাহায্য আৰু চুক্তি বাতিল কৰিলে কোটি কোটি টকা ৰাহি হ’ব পাৰে। এই বক্তব্য আছিল মাস্কৰ ওপৰত প্ৰত্যক্ষ অৰ্থনৈতিক আক্ৰমণ, কাৰণ তেওঁৰ কোম্পানীসমূহে ১৭টাতকৈও অধিক সংস্থাৰ পৰা চুক্তি লাভ কৰিছে। এই বক্তব্যৰ পিছত মাস্কেও ট্ৰাম্পক আক্ৰমণ কৰি কয় যে তেওঁ এপষ্টেইন ফাইলৰ সৈতে জড়িত বহু কথা প্ৰকাশ কৰিব। তেওঁ এক্স (পূৰ্বৰ টুইটাৰ)ত লিখিছে যে এটা ডাঙৰ বোমা নিক্ষেপ কৰাৰ সময় আহি পৰিছে। এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম আছে। সেইবাবেই সেই ফাইলসমূহ ৰাজহুৱা কৰা হোৱা নাই। ভৱিষ্যতৰ বাবে এই পোষ্টটো মাৰ্ক কৰক, সত্য নিশ্চয় ওলাই আহিব। এই বক্তব্যই আমেৰিকাৰ ৰাজনীতিত হুলস্থুলৰ সৃষ্টি কৰিবলৈ যথেষ্ট আছিল, কাৰণ জেফ্ৰি এপষ্টেইনৰ নাম যৌন অপৰাধ আৰু হাই-প্ৰফাইল সংযোগৰ সৈতে জড়িত হৈ আহিছে।

মাস্কৰ নতুন ৰাজনৈতিক দল

ট্ৰাম্পৰ সৈতে সম্পৰ্ক ভংগ কৰাৰ পিছত মাস্কে নতুন ৰাজনৈতিক দল গঠনৰ ধাৰণাটোৰ ওপৰত মানুহৰ মতামত বিচাৰিছে। ইয়াৰ পৰা বুজা যায় যে মাস্কে এতিয়া কেৱল টেকন’ক্ৰেটৰ ভূমিকাতেই নহয়, ৰাজনৈতিক নেতাৰ ভূমিকাতো আহিব বিচাৰে। ইয়াৰ আভাস এটাও দেখা গ’ল যেতিয়া হোৱাইট হাউছত জাৰ্মান চ্যান্সেলৰৰ সৈতে হোৱা বৈঠকৰ সময়ত ট্ৰাম্পে কৈছিল যে মই মাস্কৰ ওপৰত অতি হতাশ। মই তেওঁক বহুত সহায় কৰিছিলোঁ। এই সন্দৰ্ভত মাস্কে কয় যে মই নাথাকিলে ট্ৰাম্প নিৰ্বাচনত পৰাস্ত হ’লহেঁতেন। তেওঁ কেতিয়াও কৃতজ্ঞতা প্ৰকাশ কৰা নাছিল। কিন্তু এই সকলোবোৰৰ মাজতে ট্ৰাম্পে স্পেচএক্স, টেছলাৰ দৰে কোম্পানীৰ চৰকাৰী চুক্তি শেষ কৰাৰ পৰিকল্পনা কৰিছে, যিয়ে অৰ্থনীতিত মাস্কক ডাঙৰ আঘাতৰ সৃষ্টি কৰিব পাৰে। ইফালে নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি ট্ৰাম্পৰ ভাবুকিৰ বাবে টেছলাৰ ষ্টক ভয়ংকৰভাৱে হ্ৰাস পাইছে। বিনিয়োগকাৰীৰ মাজত অনিশ্চয়তা আৰু ভয়ৰ পৰিবেশ।

You might also like