নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেক্সিকো সীমান্তলৈ দহ হাজাৰ সেনা প্রেৰণ ট্রাম্পৰ

🔹 ৰাষ্ট্রপতিৰ দায়িত্ব লৈয়ে কঠোৰ পদক্ষেপ

নিউজ ডেস্ক, ২৪ জানুৱাৰী : প্রব্রজনকাৰীৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লোৱা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আমেৰিকা–মেক্সিকো সীমান্তলৈ প্রেৰণ কৰিছে দহ সহস্রাধিক সৈনিক৷ উল্লেখনীয় যে মেক্সিকো সীমান্তত অনুপ্রৱেশকাৰীক বাধা দিবলৈ এই বিশাল বাহিনী প্রেৰণ কৰা বুলি হোৱাইট হাউছৰ এক সূত্রই সদৰী কৰিছে৷ ইয়াৰ পূর্বেই ১,৫০০ সৈনিকক লৈ সামৰিক প্রাচীৰ তৈয়াৰ কৰাৰ বাবে নির্দেশ দিছিল ট্রাম্পে৷ লক্ষণীয়ভাৱে ক্ষমতাত আৰোহণ কৰিয়েই ট্রাম্পে পূর্বৰ জ’ বাইডেন প্রশাসনৰ বিভিন্ন নীতিৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্রহণ কৰি এলানি এক্সিকিউটিভ অর্ডাৰত স্বাক্ষৰ কৰিছে৷ ইতিমধ্যে প্রব্রজনকাৰীৰ বিৰুদ্ধে ট্রাম্পে লোৱা পদক্ষেপ অতি কঠোৰ হিচাপে চিহ্ণিত হৈছে৷ ট্রাম্পৰ এই নীতিৰ ফলত দেশখনৰ পৰা বহু বিদেশী মূলৰ লোকে গৃহভূমিলৈ প্রত্যাৱর্তন কৰিব লাগিব৷

You might also like