জানুৱাৰীত ট্রাম্পৰ শপতগ্রহণ : উভতি আহক ভাৰতীয় শিক্ষার্থী
নিউজ ডেস্ক, ১ ডিচেম্বৰ : জানুৱাৰী মাহত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ড’নাল্ড ট্রাম্পে শপতগ্রহণ কৰাৰ আগতে ভাৰতীয় শিক্ষার্থীসকলক উভতি আহিবলৈ ভ্রমণ নির্দেশনা জাৰি কৰিছে আমেৰিকাৰ বিশ্ববিদ্যালয়সমূহে৷ মার্কিন ৰাষ্ট্রপতিৰ শপত ট্রাম্পে গ্রহণ কৰাৰ পিছতে ভ্রমণ নিষেধাজ্ঞা জাৰি কৰাৰ সম্ভাৱনা আছে৷ আমেৰিকাৰ কেইবাখনো শীর্ষ বিশ্ববিদ্যালয়ে ইতিমধ্যে ভাৰতকে ধৰি আন্তর্জাতিক শিক্ষার্থীসকলক ট্রাম্পে ৰাষ্ট্রপতিৰ শপত লোৱাৰ পূর্বে বিশ্ববিদ্যালয়লৈ উভতি আহিবলৈ নির্দেশনা জাৰি কৰিছে৷ উল্লেখ্য যে অহা ২০ জানুৱাৰীত ৰাষ্ট্রপতি নির্বাচিত ড’নাল্ড ট্রাম্পে ৪৭সংখ্যক মার্কিন ৰাষ্ট্রপতিৰ শপতগ্রহণ কৰিব৷ এই শপতগ্রহণৰ পিছতে ট্রাম্পে প্রব্রজন নীতি আৰু অর্থনীতিৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ সম্ভাৱনা আছে৷