পাৰমাণৱিক চুক্তি নামানিলে ইৰানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ট্রাম্পৰ, আণ্ডাৰগ্রাউণ্ড মিছাইল সাজু ইৰানৰ
নিউজ ডেস্ক, ১ এপ্ৰিলঃ বিশ্বৰ সর্বশক্তিমান আমেৰিকা যুক্তৰাষ্ট্র আৰু ইছলামিক ৰাষ্ট্র ইৰানৰ মাজত যুদ্ধৰ অশনি সংকেত বৃদ্ধি পাইছে৷ পাৰমাণৱিক চুক্তি নামানিলে ইৰানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে দিয়াৰ পাছতেই পৰিস্থিতি জটিলতাৰ পিনে আগবাঢ়িছে৷ ইপিনে, মার্কিন ৰাষ্ট্রপতি ট্রাম্পক প্রত্যাহ্বান জনাই ইৰানেও ফেপেৰি পাতিছে৷ ইৰানে মার্কিন যুক্তৰাষ্ট্রক প্রত্যাহ্বান জনাবলৈ ইতিমধ্যে আণ্ডাৰগ্রাউণ্ড মিছাইল সাজু কৰি ৰাখিছে৷ যিকোনো মুহূর্ততে মার্কিন চৰকাৰে যদি বোমা নিক্ষেপ কৰে, তেতিয়াহ’লে আমেৰিকাৰ স্থানতো মিছাইলেৰে আক্রমণ চলাব ইৰানে৷ ইৰানী সেনাই সামাজিক মাধ্যমযোগে প্রকাশ কৰা মতে আমেৰিকাৰ প্রতি কেতিয়াও নতশিৰ নোহোৱা দেশখনে ইতিমধ্যে সকলো আণ্ডাৰগ্রাউণ্ড মিছাইল চহৰত মিছাইলবোৰ আক্রমণৰ বাবে সাজু কৰিছে৷ আমেৰিকাই যদি ইৰানৰ ওপৰত বোমা নিক্ষেপ কৰে, তেতিয়াহ’লে মার্কিন চৰকাৰ আৰু ইয়াৰ সহযোগী ৰাষ্ট্রসমূহে ভয়াৱহ পৰিণাম ভুগিব লাগিব৷ তথ্য মতে, ইৰানে আণ্ডাৰগ্রাউণ্ড মিছাইল ছিষ্টেম সম্পূর্ণ সাজু কৰি তুলিছে৷ উল্লেখ্য যে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে তেহৰানে যদি ৱাশ্বিংটনৰ সৈতে পাৰমাণৱিক চুক্তিত স্বাক্ষৰ নকৰে, তেতিয়াহ’লে বোমাৰে ইৰান উৰুৱাই দিয়া হ’ব বুলি ভাবুকি দিছিল৷ আমেৰিকা আৰু ইৰানৰ বিষয়াই এই চুক্তিক লৈ বার্তালাপ কৰিলেও এতিয়ালৈকে ইৰানে পূর্ণ সমর্থন নজনোৱাত ক্ষোভিত হৈছে ট্রাম্প৷ ক্ষোভিত ট্রাম্পে এক সংবাদ মাধ্যমত ইৰানৰ ওপৰত বোমা নিক্ষেপ কৰিব বুলি ভাবুকি দিয়াৰ লগে লগে ইৰানেও একে ভাষাৰে প্রত্যুত্তৰ দিছে৷ ইয়াৰ পৰিণতিত আমেৰিকা আৰু ইৰানৰ মাজত এখন যুদ্ধৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ মন কৰিবলগীয়া যে প্রথমবাৰ ৰাষ্ট্রপতি হিচাপে কার্যনির্বাহ কৰাৰ সময়তে ড’নাল্ড ট্রাম্পৰ সৈতে ইৰানৰ এই পাৰমাণৱিক চুক্তিক লৈ মতবিভেদ হৈছিল৷ দ্বিতীয়বাৰ ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰা ট্রাম্পে পুনৰ একেই গতিৰে ইৰানৰ বিৰুদ্ধে আগ্রাসী ভূমিকা গ্রহণ কৰিছে৷