ৰাষ্ট্রপতিৰ আসনত বহাৰ পূর্বে শাস্তিৰ সন্মুখীন হ’ব ট্রাম্প !
🔹 পৰ্ন তাৰকাৰ বাবে অস্বস্তিত ডনাল্ড
বিশেষ বাৰ্তা, ৫ জানুৱাৰী : আগন্তুক ২০ জানুৱাৰীত দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰিব ড’নাল্ড ট্রাম্পে৷ কিন্তু তাৰ পূর্বেই পৰ্ন তাৰকা ষ্টর্মী ডেনিয়েলছক উৎকোচ দিয়াৰ গোচৰত শাস্তি ঘোষণাৰ সন্মুখীন হ’ব ট্রাম্প৷ আগন্তুক ১০ জানুৱাৰীত এই গোচৰত নিউয়র্কৰ আদালতে ট্রাম্পৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিব৷ এই বিষয়টোক লৈ ইতিমধ্যে আমেৰিকাত ব্যাপক চর্চা আৰম্ভ হৈছে৷ ৰাষ্ট্রপতি পদত আৰোহণ কৰাৰ পূর্বেই ট্রাম্প কাৰাগাৰলৈ যাব নেকি, সেই সন্দর্ভত বিভিন্ন মহলে প্রশ্ণ তুলিছে৷ ২০১৬ চনৰ ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে পৰ্ন তাৰকা ষ্টর্মী ডেনিয়েলছক উৎকোচ দিয়াৰ অভিযোগ উঠিছিল ৰিপাব্লিকান নেতা ট্রাম্পৰ বিৰুদ্ধে৷ যোৱা বছৰৰ মে’ মাহত প্রথম প্রাক্তন মার্কিন ৰাষ্ট্রপতি হিচাপে নিউয়র্কৰ আদালতত দোষী সাব্যস্ত হয় ট্রাম্প৷ অৱশ্যে নির্বাচনত প্রতিদ্বন্দ্বিতাৰ ক্ষেত্রত কোনোধৰণৰ বাধাৰ সন্মুখীন নহ’ল নেতাগৰাকী৷ কাৰণ ৰাষ্ট্রপতি নির্বাচনৰ বাবে শাস্তি ঘোষণা স্থগিত ৰাখিছিল আদালতে৷ ইয়াৰ পিছত নির্বাচনত অভিলেখসংখ্যক ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ট্রাম্পে৷ নির্বাচনত জয়লাভৰ পিছত এই গোচৰত শাস্তিৰ পৰা ৰেহাই বিচাৰি আদালতত আবেদন জনাইছে ট্রাম্পে৷ কিন্তু আদালতে ট্রাম্পৰ সেই আবেদন অগ্রাহ্য কৰিছে৷