চীনৰ বিৰুদ্ধে আছে অজস্র প্রামাণিক তথ্যঃ ক’ভিড–১৯ক লৈ প্রতিবেদন প্রকাশ কৰিব ট্রাম্পে
নিয়মীয়া বাৰ্তা, ৫ মেঃ ক’ভিড–১৯ৰ বিশ্বজুৰি সংহাৰৰ বিষয়টোক লৈ চীনবিৰোধী অৱস্থানত অক্ষত হৈ আছে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷
শেহতীয়াকৈ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে উল্লেখ কৰিছে যে চীনৰ পৰা ক’ভিড–১৯ বা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিস্তাৰ ঘটাৰ প্রামাণিক প্রতিবেদন শীঘ্রে মুকলি কৰা হ’ব৷ দেশবাসীক এই প্রতিশ্রুতি প্রদান কৰি ট্রাম্পে কয় যে বেইজিং প্রশাসনে ক’ৰোনা ভাইৰাছ সন্দর্ভত বিশ্ববাসীক তথ্য প্রদানৰ ক্ষেত্রত বিলম্ব কৰিছিল৷
বিশ্ববাসীক ভুল পথে পৰিচালিত কৰা বুলি চীনৰ বিৰুদ্ধে অভিযোগ আনি ট্রাম্পে এই কথাও স্পষ্ট কৰি কয় যে গোলকীয় মহামাৰী প্রতিৰোধ কৰাৰ ক্ষেত্রত বেইজিং প্রশাসনে কোনো দেশকে সুযোগ নিদিলে৷ গতিকে এই ঘটনাৰ তদন্ত কৰিব আমেৰিকাই৷ আনকি আমেৰিকাই মুকলি কৰিবলগীয়া প্রতিবেদন এইক্ষেত্রত এক প্রামাণিক দলিল হৈ পৰিব বুলিও ট্রাম্পে ঘোষণা কৰিছে৷
স্মর্তব্য যে ইয়াৰ পূর্বে মার্কিন বিদেশ সচিব মাইক পম্পি’ৱে য়ুহানৰ পৰীক্ষাগাৰৰ পৰা ক’ৰোনাৰ সংক্রমণ ঘটা বুলি অজস্র প্রমাণ থকাৰ দাবী কৰিছিল৷