নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্প হ’ব ৰাষ্ট্রপতি ! জনালে এমি ট্রিপে

🔹 বাইডেনৰ প্রস্থানক লৈও কৰিছিল ভৱিষ্যদ্বাণী 

নিউজ ডেস্ক, ২৯ জুলাই : মার্কিন ৰাষ্ট্রপতি নির্বাচনৰ প্রতিদ্বন্দ্বিতাৰ পৰা জ’ বাইডেন আঁতৰিব বুলি পূর্বে ভৱিষ্যদ্বাণী কৰিছিল এগৰাকী জ্যোতিষীয়ে৷ আনকি দিন–তাৰিখো উল্লেখ কৰিছিল জ্যোতিষীগৰাকীয়ে৷ হিচাপ কৰি দেখুৱাইছিল চন্দ্রৰ অৱস্থান৷ অবিকল সেয়া মিলি গৈছিল৷ ২০২০ চনতেই তেওঁ কৈ দিছিল যে ২০২৪ চনৰ মার্কিন ৰাষ্ট্রপতি নির্বাচনত ডেম’ক্রেটিক দলৰ প্রার্থী হ’ব কমলা হেৰিছ৷সেয়াও প্রায় মিলি গৈছে৷ এইবাৰ ড’নাল্ড ট্রাম্পক লৈও ভৱিষ্যদ্বাণী কৰিলে মার্কিন জ্যোতিষী এমি ট্রিপে৷ জ্যোতিষীগৰাকীয়ে উল্লেখ কৰিছে যে আমেৰিকাৰ পৰৱর্তী ৰাষ্ট্রপতি হ’ব ৰিপাব্লিকান নেতা ড’নাল্ড ট্রাম্পেই৷ এক মার্কিন সংবাদ মাধ্যমৰ সূত্রই এই কথা সদৰী কৰিছে৷ ইণ্টাৰনেটত বহুচর্চিত জ্যোতিষী মহিলা এমি ট্রিপে কৈছে যে ট্রাম্পে নিজৰ পেছাগত সাফল্যৰ শিখৰত উপনীত হৈছে৷ গতিকে ট্রাম্প হৈ পৰিছে অহংকাৰী৷ এইবাৰ ক্ষমতালৈ আহিলে বর্ষীয়ান নেতা ট্রাম্পে অধিক ‘উন্মাদনা’ আৰম্ভ কৰিব বুলিও এমি ট্রিপে মন্তব্য কৰিছে৷ শেহতীয়াকৈ ট্রাম্পৰ ওপৰত সংঘটিত আক্রমণৰ ঘটনাৰ উল্লেখ কৰি এমি ট্রিপে দাবী কৰিছে যে ট্রাম্পৰ কেৰিয়াৰত অনিশ্চয়তাও আছিল৷ ৪০ বছৰীয়া জ্যোতিষীগৰাকীয়ে ইয়াৰ পূর্বে জ’ বাইডেন ৰাষ্ট্রপতি নির্বাচনৰ দৌৰৰ পৰা আঁতৰি যাব বুলি মন্তব্য কৰিছিল৷ ২১ জুলাইত বাইডেনে ৰাষ্ট্রপতি নির্বাচনৰ পৰা নাম প্রত্যাহাৰ কৰিব বুলি ঘোষণা কৰিছল এমিয়ে৷ জ্যোতিষীগৰাকীয়ে ঘোষণা কৰা ধৰণেই ২১ জুলাইত বাইডেনে আগন্তুক ৰাষ্ট্রপতি নির্বাচনৰ পৰা নাম প্রত্যাহাৰ কৰিছে৷ অকল সেয়াই নহয়, আগন্তুক দিনত বাইডেনৰ শাৰীৰিক জটিলতা বৃদ্ধি পাব বুলিও মন্তব্য কৰিছে এমিয়ে৷ ইয়াৰ পূর্বে কমলা হেৰিছ সম্পর্কেও ভৱিষ্যদ্বাণী কৰিছিল এমি ট্রিপে৷ ২০২২ চনতেই এমি ট্রিপে ভৱিষ্যদ্বাণী কৰিছিল যে ২০২৪ৰ নির্বাচনত ৰাষ্ট্রপতি নির্বাচনৰ প্রার্থী হ’ব কমলা হেৰিছ৷

You might also like