নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় পণ্যত অধিক কৰ আৰোপ কৰিব ট্রাম্পে

🔹 ক্ষমতাত বহাৰ পূর্বেই কঠোৰ বার্তা নতুন মার্কিন ৰাষ্ট্রপতিৰ

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : ৰাষ্ট্রপতিৰ আসনত বহাৰ পূর্বে ভাৰতক পুনৰ সকীয়নি বার্তা ড’নাল্ড ট্রাম্পৰ৷ নৱনির্বাচিত মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে স্পষ্ট ভাষাত উল্লেখ কৰিছে যে ভাৰতীয় পণ্যৰ ওপৰত অধিক কৰ আৰোপ কৰিব আমেৰিকাই৷ অকল ভাৰতেই নহয়, ব্রাজিলৰ ক্ষেত্রতো একেই নীতি গ্রহণ কৰিব হোৱাইট হাউছ প্রশাসনে৷ ক্ষমতাত আৰোহণ কৰাৰ পূর্বেই ট্রাম্পৰ এই কঠোৰ বার্তাই ভৱিষ্যতে ভাৰত–আমেৰিকাৰ বাণিজ্য নীতি ক্ষেত্রত প্রত্যাহ্বান সৃষ্টি কৰিব বুলি একাংশই ধাৰণা কৰিছে৷ সংবাদ মেলত ড’নাল্ড ট্রাম্পে উল্লেখ কৰিছে যে যদি কোনো দেশে আমেৰিকাৰ ওপৰত অধিক কৰ আৰোপ কৰে তেন্তে আমেৰিকায়ো এই দেশৰ পণ্যৰ ওপৰত উচ্চ হাৰত কৰ আৰোপ কৰিব৷ লক্ষণীয়ভাৱে বিভিন্ন দেশে আমেৰিকাৰ পণ্যৰ ওপৰত অত্যধিক কৰ আৰোপ কৰা সত্ত্বেও ইমান দিনলৈ মার্কিন চৰকাৰে বিষয়টো সন্দর্ভত সিদ্ধান্ত গ্রহণ কৰা নাছিল বুলি ট্রাম্পে মন্তব্য কৰিছে৷ ভৱিষ্যতে এইক্ষেত্রত আমেৰিকা নীৰৱে নাথাকে বুলি স্পষ্ট কৰি দিছে ট্রাম্পে৷ লক্ষণীয়ভাৱে ভাৰত আৰু ব্রাজিলে আমেৰিকাৰ সামগ্রীৰ ওপৰত অধিক কৰ আৰোপ কৰি অহা বুলি অভিযোগ কৰিছে ট্রাম্পে৷ গতিকে ক্ষমতাত আৰোহণ কৰাৰ পিছতে এই বিষয়টোত সিদ্ধান্ত গ্রহণ কৰিব বুলি ট্রাম্পে স্পষ্ট কৰি দিছে৷ প্রসংগক্রমে নৱনির্বাচিত মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে কয় যে বাণিজ্যত স্বচ্ছতা থাকিব লাগিব৷ ভাৰতে যদি মার্কিন পণ্যৰ ওপৰত ১০০ শতাংশ কৰ আৰোপ কৰে তেন্তে আমেৰিকায়ো সেই পৰিমাণৰ কৰ ভাৰতৰ পণ্যৰ ওপৰত আৰোপ কৰিব বুলি স্পষ্ট কৰি দিয়ে ট্রাম্পে৷ ইফালে, ড’নাল্ড ট্রাম্পৰ সুৰতেই কৰক লৈ মুখ খোলে ট্রাম্পৰ হ’বলগীয়া বাণিজ্য সচিব হাৱার্ড লাটনিকে৷ লাটনিকে উল্লেখ কৰে যে নতুন চৰকাৰত পাৰস্পৰিক সুবিধা দানৰ নীতি অত্যন্ত গুৰুত্বপূর্ণ হৈ পৰিব৷ বিভিন্ন দেশে আমেৰিকাৰ প্রতি যেনে ব্যৱহাৰ কৰে, অনুৰূপ ব্যৱহাৰ সেই দেশবোৰকো কৰা হ’ব বুলি উল্লেখ কৰে লাটনিকে৷

You might also like