নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় সংস্থাৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰিব ট্রাম্পে!

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ ৰিপাব্লিকান নেতা ড’নাল্ড ট্রাম্পৰ জয়ৰ পিছতে নতুন দিল্লী আৰু ৱাশ্বিংটনৰ সম্পর্কই নতুন মাত্রা লাভ কৰিব বুলি আশা প্রকাশ কৰিছে বিদেশ মন্ত্রণালয়ৰ একাংশ বিষয়ববীয়াই৷ যোৱা ৪ বছৰত ডেম’ক্রেট ৰাষ্ট্রপতি জ’ বাইডেনৰ আমোলত দ্বিপাক্ষিক সম্পর্ক মসৃণ হৈ থাকিলেও কেইবাটাও পর্যায়ত বহু ভাৰতীয় সংস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে আমেৰিকাই৷ পৰিৱর্তিত পৰিস্থিতিত এই নিষেধাজ্ঞা প্রত্যাহাৰ হ’ব পাৰে বুলি আশা প্রকাশ কৰিছে বিদেশ মন্ত্রণালয়ৰ বিষয়ববীয়াসকলে৷ ইউক্রেইনৰ সৈতে যুদ্ধত ৰাছিয়াক সহায় কৰাৰ অভিযোগত যোৱা ১ নৱেম্বৰত বিভিন্ন দেশৰ মুঠ ৩৯৮টা সংস্থা আৰু ব্যক্তিৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল বাইডেন প্রশাসনে৷ ইয়াৰ ভিতৰত আছিল ১৯টা ভাৰতীয় সংস্থা আৰু দুজন ভাৰতীয় নাগৰিক৷ আমেৰিকাৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছিল বিদেশ মন্ত্রণালয়ে৷ মিছা অভিযোগত ভাৰতীয় সংস্থাবোৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা বুলি বিদেশ মন্ত্রণালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে যদিও আমেৰিকাই স্থিতি সলনি কৰা নাই৷ কিন্তু ট্রাম্প ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছতে সেই পৰিস্থিতি সলনি হ’ব বুলি আশা কৰিছে ভাৰতে৷

You might also like