দুই মহাকাশচাৰীক নিজৰ পকেটৰ ধন দিব ট্রাম্পে
🔹 সুনীতা-উইলমোৰক অতিৰিক্ত সময়ৰ বাবে প্রতিদিনে মাত্র ৪৩০ টকা
নিউজ ডেস্ক, ২৩ মার্চ : বহুচর্চিত মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰক আন্তর্জাতিক মহাকাশ কেন্দ্রত অতিৰিক্তকৈ কটোৱা সময়ৰ বাবে প্রতিদিনে মাত্র ৪৩০ টকা প্রদান কৰা হ’ব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে নিজৰ পকেটৰ পৰা এই ধন দিব৷ ২০২৪ চনত মহাকাশলৈ গৈ ২৭৮ দিন অতিৰিক্ত কটাই ১৯ মার্চত পৃথিৱীলৈ অহা ভাৰতীয় মূলৰ মার্কিন মহাকাশচাৰী উইলিয়ামছ আৰু মার্কিন মহাকাশচাৰী উইলমোৰক অতিৰিক্ত সময়ৰ বাবে প্রতিদিনে মাত্র ৪৩০ টকা ৰাষ্ট্রপতিয়ে নিজৰ পকেটৰ পৰা প্রদান কৰিব৷ কিয়নো মহাকাশত অতিৰিক্ত সময় কটালে দৰমহা প্রদান কৰাৰ কোনো নীতি নাই আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ৷ হোৱাইট হাউছত পৃথিৱীলৈ উভতি অহা দুই মহাকাশচাৰী উইলিয়ামছ আৰু উইলমোৰক অতিৰিক্ত দৰমহা দিয়া হ’বনে বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত ৰাষ্ট্রপতি ট্রাম্পে কয় যে কোনেও এই সন্দর্ভত মোক একো কোৱা নাই৷ যদি ধন দিবলগীয়া হয়, সেই ধন মই মোৰ পকেটৰ পৰা দিম৷ নাছাৰ মহাকাশচাৰীয়ে মহাকাশত অতিৰিক্ত সময় কটালে কোনো অতিৰিক্তকৈ দৰমহা লাভ কৰাৰ নীতি নাই৷