নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ শুল্ক বোমাক লৈ আমেৰিকাতেই হাহাকাৰ

🔹 প্রয়োজনতকৈ অধিক সামগ্রী ক্রয় মার্কিন গ্রাহকৰ

নিউজ ডেস্ক, ৬ এপ্রিল : দেশৰ অর্থনীতি শক্তিশালী কৰিবলৈ নতুন শুল্ক নীতি ঘোষণা কৰা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ দেশতেই হাহাকাৰ৷ বিশ্বৰ দেশসমূহৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰা ড’নাল্ড ট্রাম্পৰ শুল্ক যুদ্ধত মার্কিনবাসীয়েই বিতত হৈছে৷ কার্যতঃ শুল্ক নীতিৰ প্রভাৱত দামবৃদ্ধিৰ আশংকাত দোকানে দোকানে শাৰী পাতিছে আমেৰিকাৰ নাগৰিকে৷ দামবৃদ্ধি হোৱাৰ আশংকাত দোকানত ভিৰ কৰি মার্কিন গ্রাহকে প্রয়োজনতকৈ অধিক সামগ্রী ক্রয় কৰিছে৷ সামগ্রী ক্রয় কৰি কিছুদিনৰ বাবে মজুত ৰখাৰ পৰিকল্পনা কৰিছে মার্কিন গ্রাহকসকলে৷ কিয়নো, ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকা যুক্তৰাষ্ট্রত সামগ্রীৰ দামবৃদ্ধি কৰাটো নিশ্চিত৷ ৯ এপ্রিলৰ পৰা মার্কিন যুক্তৰাষ্ট্রত সামগ্রীসমূহত শুল্ক নীতি বলৱৎ হোৱাৰ ফলত সামগ্রীৰ দামবৃদ্ধি হ’ব৷ এনে পৰিপ্রেক্ষিততে বজাৰমুখী হৈছে মার্কিন নাগৰিক৷ দোকানে দোকানে ঘূৰি ফুৰি নিজৰ প্রয়োজনীয় সামগ্রী লগাতকৈ অধিক ক্রয় কৰিছে৷ এই মুহূর্তত আমেৰিকাত আচবাবৰ পৰা জোতা, কফীৰ পৰা গাড়ী ক্রয় কৰিবলৈ দোকানত শাৰী পাতিছে গ্রাহকে৷ নতুন শুল্ক কার্যকৰী হ’লেই আমেৰিকাৰ নাগৰিকৰ ব্যয় বৃদ্ধি পাব৷ ইয়াৰ প্রতি লক্ষ্য ৰাখিয়েই ইলেক্ট্র’নিক সামগ্রী, পাকঘৰৰ সামগ্রী, মাইক্র’ৱেভ, আচবাব, জোতা, শিশুৰ কাপোৰ, পুতলা, শিশুৰ ডাইপাৰ আদিও ক্রয় কৰিছে মার্কিন গ্রাহকে৷ মন কৰিবলগীয়া যে বিগত বর্ষৰ নৱেম্বৰত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি নির্বাচনত জয়ী হোৱা ড’নাল্ড ট্রাম্পে জানুৱাৰী মাহত শপত গ্রহণ কৰিয়েই নতুন শুল্ক নীতি ঘোষণাৰ সিদ্ধান্ত লয়৷ সেইমর্মেই যোৱা ২ এপ্রিলৰ পৰা বিশ্বৰ প্রতিখন দেশতে আমদানি শুল্ক আৰোপ কৰা হৈছে৷ এই শুল্কই আন দেশৰ লগতে নিজৰ দেশতো প্রভাৱ পেলাইছে৷

You might also like