ট্রাম্পৰ কৰ নীতিয়ে কঢ়িয়াইছে বাণিজ্য যুদ্ধৰ আশংকা
🔹 মেক্সিকো–কানাডাই আৰোপ কৰিলে মার্কিন সামগ্রীৰ ওপৰত শুল্ক
🔹 চীনৰো কঠোৰ স্থিতি
নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ কৰ নীতিক লৈ বিশ্বব্যাপী বাণিজ্য যুদ্ধৰ আশংকা সৃষ্টি হৈছে৷ কানাডা আৰু মেক্সিকোৰ পৰা আমেৰিকাত প্রৱেশ কৰিবলগীয়া যিকোনো পণ্যৰ ওপৰত ২৫ শতাংশ কৰ ধার্য কৰিছে ট্রাম্পে৷ একেদৰে চীনা পণ্য সামগ্রীৰ ওপৰতো আমেৰিকাই দহ শতাংশ কৰ আৰোপ কৰাৰ সিদ্ধান্ত লৈছে৷ এই সন্দর্ভত ট্রাম্পে চৰকাৰী নির্দেশনাত স্বাক্ষৰ কৰাৰ লগে লগে আমেৰিকাৰ পণ্যৰ ওপৰতো ২৫ শতাংশ কৰ আৰোপ কৰিছে কানাডাই৷ একেলগে মেক্সিকো আৰু চীনেও আমেৰিকাৰ ওচৰত বশ্যতা স্বীকাৰ নকৰি অনুৰূপ ধৰণে কৰ আৰোপ কৰিব বুলি হুংকাৰ দিছে৷ বিশ্ব বাণিজ্যৰ অন্যতম দুই মহাশক্তি হৈছে চীন আৰু আমেৰিকা৷ এই দুয়োখন দেশক কেন্দ্র কৰি অন্য বহু ৰাষ্ট্রৰ বৈদেশিক বাণিজ্য আৰু কূটনৈতিক সম্পর্ক পৰিচালিত হয়৷ তেনে ক্ষেত্রত এই বাণিজ্য সংঘাতে বিশ্বৰ অন্যান্য প্রান্ততো প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ চীনা সৈন্যৰ ওপৰত ট্রাম্পে দহ শতাংশ কৰ আৰোপ কৰা বিষয়টোক নিন্দা কৰিছে বেইজিং প্রশাসনে৷ বিশ্ব বাণিজ্য সংস্থা (ডব্লিউটিঅ’)ত এই সন্দর্ভত অভিযোগ দিব বুলিও চীনৰ বাণিজ্য মন্ত্রণালয়ে ঘোষণা কৰিছে৷ আমেৰিকাই একপক্ষীয়ভাৱে এনেদৰে কৰ আৰোপ কৰা বিষয়টো বিশ্ব বাণিজ্যৰ পৰিপন্থী বুলি অভিযোগ কৰিছে চীনে৷ লগতে নিজৰ স্বার্থ সুৰক্ষাৰ বাবে চীনে অন্য পদক্ষেপ গ্রহণ কৰিব বুলিও হুংকাৰ দিছে৷ অৱশ্যে কেনেধৰণৰ ব্যৱস্থা গ্রহণ কৰিব, সেই সন্দর্ভত কোনোধৰণৰ স্পষ্ট ধাৰণা দিয়া নাই চীনে৷ কানাডাই অকল আমেৰিকাৰ সামগ্রীৰ ওপৰত কৰ আৰোপ কৰাই নহয়, দেশখনৰ পণ্য বর্জন কৰিব বুলিও হুংকাৰ দিছে৷ লগে লগে বিষয়টোৱে অন্য ৰূপ ধাৰণ কৰিছে৷ মেক্সিকোৰ তৰফৰ পৰাও একেই সকীয়নি দিয়া হৈছে ট্রাম্পক৷ গতিকে সমগ্র বিষয়টোৱে এতিয়া এক বাণিজ্য যুদ্ধৰ ৰূপ লোৱাৰ সম্ভাৱনাই দেখা দিছে৷ ইফালে, ট্রাম্পৰ কৰ নীতিৰ ফলত আমেৰিকাৰ বজাৰতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ ট্রাম্পৰ এনে নীতিৰ ফলত কানাডা, মেক্সিকো আৰু চীনৰ পৰা আমেৰিকালৈ আহিবলগীয়া বিভিন্ন নিত্য–প্রয়োজনীয় সামগ্রীৰ অভাৱনীয়ভাৱে মূল্যবৃদ্ধি ঘটিব বুলি আশংকা কৰা হৈছে৷ অর্থাৎ ট্রাম্পে আমেৰিকাৰ নাগৰিকসকলকো নিজৰ এই নীতিৰে সমস্যাৰ সন্মুখীন কৰাব বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে৷