সুৰংগ বিপর্যয় : ১০ মিটাৰ খনন কৰিবলৈ সময় লাগিব পাৰে এমাহ
🔹 প্রথমবাৰলৈ উদ্ধাৰত নামিল সেনা, আৰম্ভ মেনুৱেল ড্রিলিং
বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগ বিপর্যয়ে দুসপ্তাহ অতিক্রম কৰিলে৷ কিন্তু অন্ধকাৰতে থাকিল সুৰংগত আবদ্ধ হৈ থকা ৪১ দুর্গত শ্রমিকৰ ভৱিষ্যৎ৷ এইবাৰ সেই শ্রমিকসকলৰ উদ্ধাৰকার্যত মোতায়েন কৰা হ’ল ভাৰতীয় সেনা৷ সেনাই দুর্গত শ্রমিকসকলক উদ্ধাৰ কৰিবলৈ সুৰংগত মেনুৱেল ড্রিলিঙৰ কাম আৰম্ভ কৰিব৷ ইফালে, কামৰ গতি ক্ষিপ্রতৰ কৰিবলৈ হায়দৰাবাদৰ পৰা অনা হৈছে ‘মেগমা প্লাজমা কাটাৰ’৷ লক্ষণীয়ভাৱে শ্রমিকসকলক উদ্ধাৰৰ ক্ষেত্রত আশা যোগাই তুলিও সুৰংগৰ ভিতৰত বিকল হৈছে আমেৰিকান যন্ত্র৷ সুৰংগৰ ভিতৰত বিকল হৈ পৰা ‘অগাৰ যন্ত্র’ কাটি কাটি বাহিৰ কৰি আনিবলৈ অনা হৈছে ‘মেগমা প্লাজমা কাটাৰ’৷ এইবাৰ এই অগাৰ যন্ত্রক মেগমা প্লাজমা কাটাৰেৰে কাটি কাটি বাহিৰ কৰা হ’ব৷ অন্যথা সুৰংগৰ শেষলৈ কেইবামিটাৰো কাটিব পৰা নাযাব৷ পৰহি নিশা ২ বজাত হায়দৰাবাদৰ পৰা উত্তৰকাশীলৈ লৈ অহা হৈছে এই কাটাৰ৷ এই সন্দর্ভত আন্তর্জাতিক সুৰংগ বিশেষজ্ঞ আর্নল্ড ডিকছে উল্লেখ কৰিছে যে অগাৰ যন্ত্রৰ ভঙা অংশ যিকোনো প্রকাৰে বাহিৰলৈ আনিবই লাগিব৷ এই কাম শেষ হোৱাৰ পিছতহে মেনুৱেল ড্রিলিং আৰম্ভ কৰিব পৰা যাব সুৰংগত৷ ইফালে, ভাৰতীয় সেনা জোৱানসকলক সুৰংগ খন্দা কামত কালিৰে পৰা মোতায়েন কৰা হৈছে৷ সুৰংগৰ ওপৰৰ পৰা নতুনকৈ যাতে ভূমিস্খলনৰ সৃষ্টি নহয়, তাৰ বাবে বিশেষ ব্যৱস্থাও গ্রহণ কৰা হৈছে৷ একে সময়তে সুৰংগৰ ভিতৰলৈ প্রেৰণ কৰা হৈছে বিএছএনএলৰ লেনলাইন ফোন৷ ইয়াৰ জৰিয়তে পৰিয়ালৰ সৈতে কথা কোৱাৰ সুযোগ লাভ কৰিছে ৪১ শ্রমিকে৷ কিন্তু ইয়াৰ পিছতো শ্রমিকসকলে কেতিয়া সুৰংগৰ বাহিৰলৈ ওলাব পাৰিব, সেয়া নিশ্চিত হোৱা নাই৷ লক্ষণীয়ভাৱে ওপৰৰ পৰা ১০ মিটাৰ খনন কৰিবলৈ যথেষ্ট সময়ৰ প্রয়োজন হ’ব বুলি উদ্ধাৰকাৰী বিশেষজ্ঞই ঘোষণা কৰিছে৷ উত্তৰকাশীৰ ছিল্কিয়াৰাৰ এই সুৰংগত মেনুৱেল ড্রিলিং সম্পূর্ণ কৰি দুর্গত শ্রমিকসকলৰ ওচৰলৈ উদ্ধাৰকাৰী গৈ উপস্থিত হ’বলৈ এমাহ সময় লাগিব পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ অর্থাৎ এই দীর্ঘসময় হ’ব শ্রমিকসকলৰ অগ্ণিপৰীক্ষা৷ ইতিমধ্যে বহু শ্রমিক অসুস্থ হৈ পৰা বুলি ধাৰণা কৰা হৈছে৷ আন্তর্জাতিক সুৰংগ বিশেষজ্ঞ আর্নল্ড ডিকছৰ মতে, অতি সাৱধানতাৰে এইবাৰ খননকার্য চলোৱা হ’ব৷ শ্রমিকসকলক বৰদিনৰ পূর্বে উদ্ধাৰ কৰিব পৰাৰ সম্ভাৱনা কম বুলিও উল্লেখ কৰিছে ডিকছে৷ আমেৰিকান অগাৰ যন্ত্র শুকুৰবাৰে নিশা বিকল হৈ পৰিছে৷ লক্ষণীয়ভাৱে এই যন্ত্রই শ্রমিকসকলক উদ্ধাৰৰ আশা সজীৱ কৰি তুলিছিল৷ উদ্ধাৰকাৰী দলৰ বিশেষজ্ঞসকলে পৰহিৰ দিনটোতে শ্রমিকসকলক সুৰংগৰ বাহিৰলৈ উলিয়াই আনিব পৰা যাব বুলি আশা প্রকাশ কৰিছিল৷ কিন্তু অগাৰ যন্ত্র ভাঙি পৰাৰ লগে লগে এই আশাত চেঁচাপানী পৰে৷ ইয়াৰ ফলত শ্রমিকসকলৰ ভৱিষ্যতলৈ পুনৰ নামি আহিল অনিশ্চয়তা৷ কেতিয়া কেনেদৰে শ্রমিকসকলক নিৰাপদে সুৰংগৰ পৰা উদ্ধাৰ কৰিব পৰা যাব, এই মুহূর্তত সেই সন্দর্ভত কোনো কথা নিশ্চিতভাৱে ক’ব পৰা নাই বিশেষজ্ঞসকলে৷ কাৰণ উত্তৰাখণ্ডৰ ভৌগোলিক পৰিস্থিতি অতি জটিল৷ ইয়াৰ ভূতত্ত্ব সন্দর্ভত ইতিমধ্যে বিশেষজ্ঞসকলে বিভিন্ন মন্তব্য আগবঢ়াইছে৷ অতি স্পর্শকাতৰ উত্তৰাখণ্ডৰ পাহাৰ অঞ্চলত যিকোনো মুহূর্ততে নতুনকৈ ভূমিস্খলনৰ সৃষ্টি হ’ব পাৰে৷ গতিকে এই দিশবোৰলৈ নজৰ দি অতি সাৱধানতাৰে ভৱিষ্যৎ পদক্ষেপ গ্রহণ কৰিব লাগিব উদ্ধাৰকাৰীয়ে ৷ এতিয়া মেনুৱেল ড্রিলিঙত সেই বিষয়বোৰত বিশেষ গুৰুত্ব দিয়া হৈছে৷