এটিএম চাবলৈ দিনে–নিশাই জনতাৰ ভিৰ
🔹 বিশ্বৰ দুর্গম দ্বীপৰাষ্ট্র টুভালুত প্রথমটো এটিএম স্থাপন
নিউজ ডেস্ক, ২২ এপ্রিল : বিশ্বৰ অন্যতম দ্বীপৰাষ্ট্র টুভালুত প্রথমটো এটিএম স্থাপন কৰা হৈছে৷ এই এটিএম চাবলৈ দিনে–নিশাই জনতাই ভিৰ কৰিছে৷ নেচনেল বেংক অৱ টুভালুৰ মুখ্য কার্যালয়ত এই এটিএম স্থাপন কৰা হৈছে৷ প্রায় ১২ হাজাৰ লোকৰ বসতিস্থল দ্বীপৰাষ্ট্র টুভালু বিশ্বৰ ক্ষুদ্র আৰু দৰিদ্র দেশৰ অন্যতম৷ বিশ্বৰ প্রতিটো প্রান্ততে এটিএম সহজলভ্য হৈ উঠাৰ পাছত দ্বীপৰাষ্ট্রখনৰ নাগৰিকে প্রথমবাৰৰ বাবে এটিএম দেখি আনন্দ উৎসৱত অংশ লৈছে৷ দিনে–নিশাই এই এটিএম চাবলৈ জনতাই ভিৰ কৰাৰ লগতে একাংশই এটিএমৰ পৰা ধন উলিয়াইছে৷ তথ্য মতে, টুভালুত সকলো লেনদেন নগদ হিচাপে চলে৷ এনে পৰিপ্রেক্ষিতত এটিএমৰ চাহিদা অতি বেছি৷ প্রায় ৬ হাজাৰ গ্রাহকে এই এটিএমৰ সুবিধা পাব যদিও প্রাৰম্ভিক অৱস্থাত এটিএম ব্যৱহাৰৰ বাবে প্রি–পেইড কার্ড ব্যৱহাৰ কৰা হৈছে৷