আইপিএলক প্রত্যাহ্বান জনাই ছৌদি আৰবত টি–২০ লীগ
নিউজ ডেস্ক, ১৭ মাৰ্চঃ ইণ্ডিয়ান প্রিমিয়াৰ লীগক প্রত্যাহ্বান জনাবলৈ ভাৰতৰ পৰা প্রায় ৩,৫০০ কিলোমিটাৰ দূৰত আৰম্ভ হৈছে নতুন বিশ্ব টি–২০ ক্রিকেট লীগৰ পৰিকল্পনা৷ ক্রিকেটৰ বজাৰ দখলৰ বাবে বিশ্বৰ বৃহত্তম টি–২০ ক্রিকেট লীগ আৰম্ভ কৰিব ছৌদি আৰবে৷ এই উদ্যোগে নিশ্চিতভাৱে আইপিএললৈ প্রত্যাহ্বান অনাটো নিশ্চিত হৈছে৷ এই লীগ আৰম্ভ কৰিবলৈ ছৌদি আৰবে ৫০ কোটি ডলাৰ (৩,৩৪৭ কোটি টকা) ব্যয় কৰিব৷ ইয়াৰ লগতে মহিলা লীগো আৰম্ভ কৰা হ’ব৷ খবৰ অনুসৰি, কিছুসংখ্যক অষ্ট্রেলিয়ান ক্রিকেট বিশেষজ্ঞ আৰু অষ্ট্রেলিয়াৰ ক্রিকেটাৰ এছ’চিয়েচনে ছৌদি আৰবৰ প্রস্তাৱিত বিশ্ব টি–২০ লীগৰ পৰিকল্পনাত সহযোগিতা আগবঢ়াইছে৷ এই লীগ আৰম্ভ কৰাৰ বাবে ছৌদি আৰব চৰকাৰে তেওঁলোকৰ ক্রীড়া পুঁজিৰ পৰা ব্যয় কৰিব৷ কিছুসংখ্যক বহুর্জাতিক সংস্থায়ো এই লীগত বৃহৎ ধন বিনিয়োগ কৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে ২০২০ চনৰ পৰা ছৌদি আৰবে ফুটবল, টেনিছ, গ’ল্ফ আৰু ফর্মূলা ৱান ৰেছিঙত কোটি কোটি টকা বিনিয়োগ কৰিছে৷ কেৱল ইমানেই নহয়, ছৌদি আৰবে ফিফা বিশ্বকাপ আয়োজনৰ দিশেও লক্ষ্য ৰাখিছে৷ এইবাৰ তেওঁলোকৰ দৃষ্টি নিবদ্ধ হৈছে ক্রিকেটত৷ টি–২০ লীগৰ ধৰণ হ’ব গ্রেণ্ডশ্লাম টেনিছৰ দৰে৷ লীগৰ আৰম্ভণিতে মুঠ ৮টা দল থাকিব৷ দলসমূহে সমগ্র বছৰ ধৰি বিভিন্ন দেশত খেলিব৷ ফাইনেল অনুষ্ঠিত হ’ব ছৌদি আৰবত৷ উল্লেখ্য যে ক্রিকেটৰ জনপ্রিয়তাৰ কথা ভালদৰে জানে এছিয়াৰ আটাইতকৈ বৃহৎ দেশ আৰৱে৷ সেইবাবেই এই লীগ অনুষ্ঠিত কৰাৰ পৰিকল্পনা হাতত লৈছে৷ আইপিএলৰ গ্রেণ্ড মূল্য বর্তমান ১.২ বিলিয়ন ডলাৰ৷ এই লীগত ছৌদি আৰবৰ নতুন মেগা টি–২০ লীগে বৃহৎ প্রভাৱ পেলাব পাৰে৷ ইয়াৰ বাবে ছৌদি আৰবে অন্যান্য দেশৰ ক্রিকেটাৰসকলক বৃহৎ অংকৰ অর্থৰ প্রলোভন দেখুৱাব পাৰে৷ ছৌদিৰ এই লীগ যদি একে সময়তে আয়োজিত হয় তেনেহ’লে বহু ক্রিকেটাৰে আইপিএলত খেলাৰ প্রতি অনীহা প্রকাশ কৰিব পাৰে৷ সেয়া হ’লে আইপিএলৰ উত্তেজনা ম্লান হ’ব পাৰে৷ ভাৰতীয় দল অথবা ঘৰুৱা ক্রিকেট খেলা ক্রিকেটাৰসকলে অন্যান্য লীগত অংশগ্রহণত নিষেধাজ্ঞা জাৰি কৰিছে বিচিচিআয়ে৷ কেৱল প্রাক্তন ক্রিকেটাৰসকলেহে বিদেশী লীগত খেলিব পাৰিব৷ বর্তমান ভাৰতীয় ক্রিকেটাৰসকলে কোনো বাহিৰৰ লীগত নেখেলে৷ সেইবাবে ছৌদি আৰবে প্রচুৰ অর্থ প্রদানৰ জৰিয়তে অন্যান্য দেশৰ ক্রিকেটাৰসকলক প্রলোভিত কৰাৰ চেষ্টা চলাব৷ অৱশ্যে ভাৰতীয় ক্রিকেটাৰসকলে নেখেলিলে এই বিপুল ব্যয়ৰ পিছতো ছৌদিৰ লীগ কিমান জনপ্রিয় হ’ব তাক লৈ সন্দেহ আছে৷ ইপিনে, বিশ্বৰ যিকোনো ক্রিকেট লীগৰ ক্ষেত্রত আইচিচিৰ অনুমোদনৰ প্রয়োজন৷ এই লীগত আইচিচিয়ে অনুমোদন দিলেহে পৰিকল্পনা ফলপ্রসূ হ’ব৷