নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপ : কাইলৈ ভাৰতৰ সন্মুখত আমেৰিকা

🔹 মূল একাদশত সালসলনিৰ সম্ভাৱনা
🔹 ছুপাৰ এইটত প্রৱেশৰ লক্ষ্য ৰোহিত বাহিনীৰ

বিশেষ বাৰ্তা, ১১ জুন : টি–২০ বিশ্বকাপৰ ছুপাৰ এইটত প্রৱেশৰ লক্ষ্যৰে কাইলৈ খেলপথাৰত নামিব ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া৷ সন্মুখত বিশ্বকাপৰ যুটীয়া আয়োজক আমেৰিকা৷ চলিত টি–২০ বিশ্বকাপৰ গ্রুপ ‘এ’ত স্থান লাভ কৰা টীম ইণ্ডিয়াই নিজৰ প্রথম দুয়োখন মেচতে বিজয় সাব্যস্ত কৰিছে যদিও আত্মবিশ্বাস তুংগত নহয়৷ কাৰণ বিগত মেচ দুখনত ভাৰতীয় দলটোৰ বেটিং শক্তি আশাব্যঞ্জক নাছিল৷ প্রথমখন মেচত আয়াৰলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ৯৭ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি দুটা উইকেট হেৰুৱাবলগীয়া হোৱাৰ বিপৰীতে দেওবাৰে পাকিস্তানৰে খেলা মেচখনত মাত্র ১১৯ ৰানতে ইনিংছ সামৰিছিল ৰোহিত বাহিনীয়ে৷ অৱশ্যে বলাৰে দাঙি ধৰা দুর্দান্ত প্রদর্শনৰ ফলতহে জয়ৰ সোৱাদ লাভ কৰিছিল টীম ইণ্ডিয়াই৷ কাইলৈৰ মেচখনত বেটিঙত অধিক গুৰুত্ব দিয়াৰ লক্ষ্য লৈছে ভাৰতীয় দলটোৱে৷ মেচখনত আমেৰিকাক সহজভাৱে ল’ব বিচৰা নাই ৰোহিত ব্রিগেডে৷ কাৰণ আমেৰিকাই পাকিস্তানক পৰাস্ত কৰি বৃহৎ অঘটন সংঘটিত কৰিছে৷ গতিকে কাইলৈ পূর্ণ শক্তিৰে মেচখনত অৱতীর্ণ হ’ব ভাৰতীয় দলটো৷ কাইলৈৰ মেচখনত ভাৰতীয় দলটোৰ মূল একাদশত সালসলনি হোৱাৰ অধিক সম্ভাৱনা আছে৷ প্রথম দুখন মেচত সম্পূর্ণৰূপে ব্যর্থ হোৱা শিৱম ডুবেই স্থান হেৰুওৱাটো নিশ্চিত হৈ পৰিছে৷ ডুবেৰ স্থানত যশস্বী জয়ছোৱালে স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ ইফালে, ৰবীন্দ্র জাদেজাৰ পৰিৱর্তে কুলদ্বীপ যাদৱে মূল একাদশত স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ কাইলৈৰ মেচখনৰ পূর্বে বেটিং বিভাগক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় দলটোৰ অধিনায়ক ৰোহিত শর্মা৷ সংবাদ প্রতিষ্ঠানৰে হোৱা বার্তালাপত অধিনায়ক ৰোহিত শর্মাই কয় যে আমাৰ আগশাৰীৰ বেটাৰসকলে নিজৰ ছন্দ অনুসৰি খেলিবলৈ সক্ষম হোৱা নাই৷ পাকিস্তানৰে খেলা মেচখনত আমি দুৰ্বল বেটিং দাঙি ধৰিছিলোঁ৷ কোনো এজন বেটাৰে ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ আশা কৰিছোঁ- সতীর্থসকলে কাইলৈৰ মেচখনত দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হ’ব৷ আমি আমেৰিকাক সহজভাৱে ল’ব বিচৰা নাই৷ কাৰণ দলটোৱে ইতিমধ্যে পাকিস্তানক পৰাস্ত কৰি আত্মবিশ্বাস বৃদ্ধি কৰি তুলিছে৷ দলটোত ভাৰতীয় মূলৰ কেইবাজনো খেলুৱৈ আছে আৰু তেওঁলোকে উন্নত প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হৈছে৷ ঘৰুৱা দর্শকৰ সমর্থনো লাভ কৰিব দলটোৱে৷ গতিকে আমি মেচখনত সাৱধানতাৰে নামিব লাগিব৷ আমেৰিকাই এতিয়ালৈকে দুখন মেচ খেলি দুয়োখনতে বিজয় সাব্যস্ত কৰিছে আৰু বর্তমান তেওঁলোকৰ লক্ষ্য হ’ব ছুপাৰ এইটত প্রৱেশ কৰা৷ গতিকে কাইলৈৰ মেচখনত জয়লাভ কৰাৰ বাবে তেওঁলোকে মৰণপণ যুঁজ দিব৷ উল্লেখ্য যে টীম ইণ্ডিয়াই কাইলৈ আমেৰিকাক পৰাস্ত কৰিব পাৰিলে গ্রুপ ‘এ’ৰ পৰা প্রথমটো দল হিচাপে ছুপাৰ এইটত প্রৱেশ কৰিব৷

You might also like