নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমবাহত আবদ্ধ দুই পৰ্বতাৰোহীক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ

বিশেষ বাৰ্তা, ৩ জুলাই : কাশ্মীৰৰ সোণমাৰ্গ অঞ্চলৰ থাজৱাছ হিমবাহত আৰোহণ কৰি থকা অৱস্থাত দুই পৰ্বতাৰোহী বৰফৰ মাজত আবদ্ধ হৈ পৰে। পৰ্বতাৰোহী দুগৰাকীৰ নাম ক্ৰমে জিছান মুস্তাক আৰু ফৈজল ৱানী। দেওবাৰে সন্ধিয়া ভাৰতীয় বায়ুসেনাই দুই পৰ্বতাৰোহীক উদ্ধাৰ কৰি শ্ৰীনগৰলৈ আনে। আহত দুই পৰ্বতাৰোহীক শ্ৰীনগৰ বায়ুসেনাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই প্ৰসংগত শ্ৰীনগৰ প্ৰতিৰক্ষা বাহিনীৰ এগৰাকী মুখপাত্ৰই কয় যে ফৈজল আৰু জিছান বৰফত আবদ্ধ হৈ থকা প্ৰথমে হেলিকপ্টাৰৰ পৰা দেখা যায়। উদ্ধাৰৰ বাবে তাত হেলিকপ্টাৰ অৱতৰণ কৰাৰ চেষ্টা কৰা হৈছিল যদিও সকলো প্ৰচেষ্টা বিফল হৈছিল। মুখপাত্ৰগৰাকীয়ে কয় যে হেলিকপ্টাৰখন অৱতৰণ কৰিবলৈ কোনো ঠাই নাছিল। ইয়াৰ পিছতে বায়ুসেনাক খবৰ দিয়াত তেওঁলোকে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰে। ঘটনাস্থলীত উপস্থিত হৈ ভাৰতীয় বায়ুসেনাৰ ALH Mk 3 হেলিকপ্টাৰেৰে লোক দুজনক উদ্ধাৰ কৰে। পৰ্বতাৰোহী দুজনৰ এজনৰ হাড় ভঙা, দীৰ্ঘদিন ধৰি ঠাণ্ডা বতৰৰ সংস্পৰ্শলৈ অহা বাবে হাইপোথাৰ্মিয়া আৰু অন্যান্য আঘাতপ্ৰাপ্ত অৱস্থাত আছিল। দেওবাৰে সন্ধিয়া দুয়োগৰাকী পৰ্বতাৰোহীক শ্ৰীনগৰ বায়ুসেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি পৰ্বতাৰোহী দুগৰাকী তাত চিকিৎসাধীন হৈ আছে।

You might also like