নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাত বাসভৱনতে দুই ডেম’ক্রেট নেতাক হত্যা দুর্বৃত্তৰ

নিউজ ডেস্ক, ১৬ জুন : আমেৰিকাৰ মিনেছোটাত বাসগৃহত প্রৱেশ কৰি দুগৰাকী ডেম’ক্রেট নেতাক বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পৃথক ঘটনাত অন্য দুগৰাকী ডেম’ক্রেট নেতা গুলীবিদ্ধ হৈছে বুলিও জানিব পৰা গৈছে৷ এই আক্রমণৰ পিছতে আততায়ীক বিচাৰি তালাচী অভিযান তীব্রতৰ কৰে আৰক্ষীয়ে৷ ৪গৰাকী ডেম’ক্রেট নেতাৰ ওপৰত এনে নির্বিচাৰ আক্রমণৰ অন্তৰালত ৰাজনৈতিক ষড়যন্ত্র নিহিত থকা বুলি সন্দেহ কৰিছে বিশেষজ্ঞ মহলে৷

মিনেছোটাৰ গৱর্নৰ টিম ৱালেজে সদৰী কৰা অনুসৰি এই আক্রমণত নিহত হৈছে ডেম’ক্রেট নেত্রী মেলিছা হর্টম্যান আৰু তেওঁৰ স্বামী৷ মিনিয়েপ’লিছৰ সমীপৰ ব্রুকলিং পার্কত আছিল মেলিছা৷ শনিবাৰে পুৱাৰ ভাগতে মেলিছাৰ বাসগৃহত প্রৱেশ কৰি তেওঁ আৰু তেওঁৰ স্বামীক গুলীয়াই হত্যা কৰে অচিনাক্ত দুর্বৃত্তই৷ ইফালে, ডেম’ক্রেট নেতা জন হফমেন আৰু তেওঁৰ পত্নীকো দুর্বৃত্তই গুলীয়ায় যদিও সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভর্তি কৰোৱা হয় ৷

You might also like