ট্রাম্পৰ উপদেষ্টা ব’ৰ্ডত দুই প্রাক্তন সন্ত্রাসবাদীলৈ সদস্যপদ
হোৱাইট হাউছৰ ধর্মীয় কমিটীত জেহাদীৰ অন্তর্ভুক্তিক লৈ তীব্র বিতর্ক
ট্রাম্পৰ উপদেষ্টা ব’ৰ্ডত দুই প্রাক্তন সন্ত্রাসবাদীলৈ সদস্যপদ
নিউজ ডেস্ক, ১৯ মে’ : এইবাৰ বেজৰ নাকত খৰ। আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ উপদেষ্টা ব’ৰ্ডত স্থান লাভ কৰিছে দুই প্রাক্তন সন্ত্রাসবাদী ইছমাইল ৰোৱাৰ আৰু হামজা ইউছুফে৷ ইছমাইলে পাকিস্তানত লস্কৰ–ই–তৈবাৰ শিবিৰত প্রশিক্ষণ লাভ কৰাৰ উপৰি কাশ্মীৰত আক্রমণ চলোৱা ঘটনাত অভিযুক্ত হৈছিল৷
আনফালে, ইউছুফ হামাছৰ সৈতে জড়িত আছিল৷ হোৱাইট হাউছৰ সূত্রই সদৰী কৰা অনুসৰি দুই প্রাক্তন জেহাদীক হোৱাইট হাউছৰ ধর্মীয় উপদেষ্টা ব’ৰ্ডত ৰখা হৈছে৷ লৰা লুমাৰ নামৰ এগৰাকী মার্কিন সাংবাদিকে ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে সন্ত্রাসবাদী সংগঠনৰ সৈতে জড়িত হৈ থকাৰ ইতিহাস থকা সত্ত্বেও দুয়োজনক হোৱাইট হাউছৰ কমিটীত সদস্য হিচাপে ৰখা হৈছে৷
ইয়াৰ পাছতে আমেৰিকাজুৰি সৃষ্টি হৈছে বিতর্ক৷ সন্ত্রাসবাদৰ বিৰুদ্ধে সদায় যুদ্ধৰ কথা কৈ অহা ড’নাল্ড ট্রাম্প প্রশাসনে কিয় প্রাক্তন সন্ত্রাসবাদীক গুৰুত্বপূর্ণ কমিটীত ৰাখিলে তাক লৈ সৃষ্টি হৈছে বিতর্ক৷ স্মর্তব্য যে ৰেণ্ডল টড ৰোৱাৰে ২০০০ চনত ধর্মান্তৰিত হৈ ইছলামত দীক্ষিত হৈছিল৷ তেতিয়াই তেওঁ ইছমাইল নাম লয়৷