ডুবাইত পাকিস্তানীৰ আক্রমণত নিহত ২ ভাৰতীয়
🔹 বেকাৰীত প্রৱেশ কৰি তৰোৱালেৰে আক্ৰমণ
নিউজ ডেস্ক, ১৭ এপ্রিল : কর্মসূত্রে ডুবাইলৈ গৈ প্রাণ হেৰুৱালে দুজন ভাৰতীয়ই৷ অভিযোগ অনুসৰি ডুবাইৰ এটা বেকাৰীত কাম কৰাৰ সময়ত তিনিজন ভাৰতীয়ৰ ওপৰত এজন পাকিস্তানী নাগৰিকে আক্রমণ চলায়৷ ইয়াৰ ভিতৰত দুজনৰ মৃত্যু হৈছে৷ আনফালে, অন্য এজন গুৰুতৰভাৱে আহত হৈছে৷ আহত ভাৰতীয় নাগৰিকজনৰ অৱস্থা সংকটজনক৷ সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে যোৱা ১১ এপ্রিলত৷ মৃত আৰু আক্রান্ত তিনিওজনেই তেলেংগানাৰ বাসিন্দা৷ পৰিয়ালৰ অভিযোগ অনুসৰি এজন ব্যক্তিয়ে ধর্মীয় শ্লোগান দি বেকাৰীত প্রৱেশ কৰে৷ এই ব্যক্তিজনৰ হাতত আছিল তৰোৱাল৷ বেকাৰীত প্রৱেশ কৰিয়েই কর্মৰত তিনিওজন ভাৰতীয়ৰ ওপৰত তৰোৱালেৰে আক্রমণ চলায় দুর্বৃত্তই৷ আক্রমণকাৰী পাকিস্তানৰ বাসিন্দা৷ উল্লেখনীয় যে তিনিওজন ভাৰতীয়ই ডুবাইৰ এই বেকাৰীটোত বিগত পাঁচ বছৰ ধৰি কাম কৰি আছিল৷ ইতিমধ্যে অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ ইফালে, ভাৰত চৰকাৰৰ তৰফৰ পৰা এই বিষয়টোক লৈ ডুবাই প্রশাসনৰ সৈতে আলোচনা কৰা হৈছে৷ ইফালে, নিহত দুগৰাকী ভাৰতীয় নাগৰিকৰ পৰিয়াললৈ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা এককালীন সাহায্য ঘোষণা কৰা হৈছে৷