নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুপৱাৰাত এলঅ’চিৰ সমীপত ২ সন্ত্ৰাসবাদী নিহত

📌 নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত

বিশেষ বাৰ্তা, ১৩ জুনঃ জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ গাতে লাগি থকা নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ভাৰতীয় সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত দুই সন্ত্ৰাসবাদী নিহত হয়। কাশ্মীৰ মণ্ডল আৰক্ষীয়ে টুইট কৰি এই তথ্য প্ৰদান কৰে। আৰক্ষীৰ মতে, কুপৱাৰা জিলাৰ ডবনাৰ মাচল অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত এক অভিযানত নিহত হয় সন্ত্ৰাসবাদী দুটা। আৰক্ষীৰ মতে, তালাচী অভিযান এতিয়াও অব্যাহত আছে। নিহত সন্ত্ৰাসবাদী দুটাক চিনাক্ত কৰিব পৰা হোৱা নাই।

You might also like