নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিৰিয়াত তিনি দিনৰ সংঘর্ষত নিহত দুহেজাৰ লোক

🔹 পৰিচয়–পত্র পৰীক্ষা কৰি হত্যা আছাদৰ ‘আলৱাইট’ সম্প্রদায়ৰ লোকক

নিউজ ডেস্ক, ১১ মার্চ : পৰিস্থিতি ক্রমশঃ জটিল হৈ পৰিছে ছিৰিয়াত৷ পশ্চিম এছিয়াৰ এই দেশখনত উপকূলৱর্তী অঞ্চলসমূহত জ্বলিছে প্রতিশোধৰ জুই৷ ৰক্তক্ষয়ী সংঘাতে পুনৰ মূৰ দাঙি উঠিছে দীর্ঘদিন ধৰি গৃহযুদ্ধত আক্রান্ত দেশখনত৷ ছিৰিয়াৰ অন্তর্ৱর্তী চৰকাৰৰ নিৰাপত্তা বাহিনীৰ সৈতে দেশখনৰ প্রাক্তন ৰাষ্ট্রপতি বাছাৰ আল–আছাদৰ অনুগামীসকলৰ তুমুল সংঘর্ষ আৰম্ভ হৈছে৷ যোৱা ডিচেম্বৰত আছাদ চৰকাৰক উৎখাত কৰি ডামাস্কাছ দখল কৰিছিল বিদ্রোহী সংগঠন হায়াত তাহৰিৰ আল–ছাম আৰু তেওঁলোকৰ সহযোগী জইচ আল–ইজ্জাৰ যৌথ বাহিনীয়ে৷ ছিৰিয়াত ৰক্তক্ষয়ী সংঘাতৰ বলি হৈছে আলৱাইট নামৰ এক সংখ্যালঘু সম্প্রদায়৷ উপকূলৱর্তী লাটাকিয়া আৰু টাৰটুছ অঞ্চলৰ বাসিন্দা এই সম্প্রদায়ৰ লোকসকল৷ অভিযোগ অনুসৰি, পৰিচয়–পত্র পৰীক্ষা কৰি চাই বাছি বাছি হত্যা কৰা হৈছে আলৱাইট সম্প্রদায়ৰ লোকসকলক৷ এই লোকসকলৰ বসতি অঞ্চলৰ পথত পৰি থকা দেখিবলৈ পোৱা গৈছে মৃতদেহৰ স্তূপ৷ আনকি স্থানীয় লোকসকলক মৃতদেহ নিয়াৰ ক্ষেত্রতো বাধা প্রদান কৰা হৈছে৷ উল্লেখনীয় যে দেশখনৰ মুঠ জনসংখ্যাৰ ১২ শতাংশ হৈছে আলৱাইট৷ কিন্তু প্রাক্তন ৰাষ্ট্রপতি আছাদৰ আমোলত এই আলৱাইটসকল ক্ষমতাশালী হৈ উঠে৷ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে আলৱাইট সম্প্রদায়ৰ সদস্য৷ গতিকে, আছাদৰ সম্প্রদায়ক হত্যা কৰাৰ চেষ্টা চলা বুলি অভিযোগ উঠিছে৷ ইতিমধ্যে তিনি দিনৰ সংঘর্ষত প্রায় দুহাজাৰ লোক নিহত হৈছে৷

You might also like