৫৮ বছৰ বয়সত ৰিঙত নামি ১৬৮ কোটি উপার্জন টাইছনৰ
🔹 ১৯ বছৰ পিছত প্রত্যাৱর্তন ঘটাই পৰাজিত প্রাক্তন কিংবদন্তি বক্সাৰ
নিউজ ডেস্ক, ১৮ নৱেম্বৰ : সুদীর্ঘ ১৯ বছৰৰ পিছত বক্সিং ৰিঙলৈ প্রত্যাৱর্তন কৰিলে কিংবদন্তি বক্সাৰ মাইক টাইছনে৷ এসময়ত তেওঁ প্রতিগৰাকী বিপক্ষ বক্সাৰক সহজেই ধৰাশায়ী কৰিছিল৷ কিন্তু এতিয়া বয়স প্রত্যাহ্বানৰূপে ধৰা দিছে৷ ৫৮ বছৰ বয়সীয়া টাইছনক পৰাজিত কৰে ২৭ বছৰীয়া জেক পলে৷ অৱশ্যে টাইছন পৰাজিত হ’লেও যেন আৱেগৰ বিস্ফোৰণ ঘটিল টেক্সাছৰ আর্লিংটন ষ্টেডিয়ামত৷ ইয়াৰ লগে লগে কোটি কোটি টকাও আয় কৰিলে দুই বক্সাৰে৷ শুকুৰবাৰে কিংবদন্তি টাইছন আৰু জেক পলৰ মাজত ৮ ৰাউণ্ডৰ প্রতিদ্বন্দ্বিতা হয়৷ প্রতি ৰাউণ্ডত যুঁজিব লগা হয় ২ মিনিটকৈ৷ ফলত মুঠ ১৬ মিনিটৰ যুঁজে আমোদ দিয়ে দর্শকক৷ কিন্তু বয়সৰ বাবে টাইছনে পূর্বৰ ছন্দ বিচাৰি নাপালে৷ মেচৰ শেষত তিনিগৰাকী বিচাৰকৰ ঐকমত্যৰ ভিত্তিত পলক জয়ী ঘোষণা কৰা হয়৷ পল বিজয়ী হয় ৮০–৭২, ৭৯–৭৩, ৭৯–৭৩ পইণ্টৰ ব্যৱধানত৷ মেচৰ অন্তত কিংবদন্তি বক্সাৰগৰাকীক অভিবাদন জনায় জেকে৷ নেটফিক্সৰ নিজস্ব ইভেণ্টত বক্সিং ৰিঙৰ বাহিৰতো আছিল অন্য এক প্রতিযোগিতা৷ অৱশ্যে সেই যুঁজত কোটি কোটি টকা আয় কৰে দুয়োজনে৷ টকাৰ যুঁজত জয়ী হয় জেক৷ মেচখনৰ পৰা টাইছনে আয় কৰে ২০ মিলিয়ন ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাত প্রায় ১৬৮ কোটি টকা৷ আনহাতে, পলে লাভ কৰে তেওঁৰ দ্বিগুণ উপার্জন ৩৩৮ কোটি টকা৷ এইবাৰ টাইছনে আন এখন যুঁজত অৱতীর্ণ হোৱাৰ পৰিকল্পনা কৰিছে৷