নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ আকাশত বৃদ্ধি ইউএফঅ’ৰ বিচৰণৰ ঘটনা

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী: আমেৰিকাৰ আকাশত যোৱা এটা বছৰত অভাৱনীয়ভাৱে ইউএফ’ বা ভিন্ন গ্রহৰ প্রাণীৰ মহাকাশযান দেখিবলৈ পোৱা গৈছে৷ শেহতীয়াকৈ দেশখনৰ প্রতিৰক্ষা দপ্তৰ পেণ্টাগনে সদৰী কৰিছে এই তথ্য৷ পেণ্টাগনৰ তৰফৰ পৰা সদৰী কৰা হৈছে যে ইউএফ’ বা ভিন্ন গ্রহৰ উৰন্ত চাকিৰ সন্ধান তথা সেইবোৰৰ গতিবিধিক নজৰ দিবলৈ এটা কার্যালয় মুকলি কৰা হৈছে৷ এই কার্যালয়ৰ নাম এএআৰ’৷ এএআৰ’ৰ বিষয়ববীয়াসকলে দাবী কৰা অনুসৰি বিগত এটা বর্ষত আমেৰিকাৰ আকাশত ইউএফ’ বা উৰন্ত চাকি পূর্বৰ তুলনাত বেছিকৈ দেখিবলৈ পোৱা গৈছে৷ এই ঘটনাবোৰে ভিন্ন গ্রহৰ পানীৰ অস্তিত্বৰ বিষয়টোক লৈ সম্ভাৱনা অধিক প্রকট কৰিছে৷ ২০২১ৰ পৰা ২০২২ চনৰ ভিতৰত আমেৰিকাৰ আকাশত কেইবাশও ইউএফ’ দেখিবলৈ পোৱা গৈছে বুলি দাবী কৰিছে পেণ্টাগনৰ এই কার্যালয়ে৷

You might also like