নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্রতিষ্ঠা হ’ব বিশ্বৰ শিক্ষা প্রতিষ্ঠানৰ কেম্পাছঃ ঘৰতে বহি অক্সফ’ৰ্ড–হার্ভার্ড বিশ্ববিদ্যালয়ৰ শিক্ষা

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী: দেশৰ শিক্ষা ব্যৱস্থাত বৃহৎ সংস্কাৰ আনিবলৈ সংকল্প গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ দুবছৰ পূর্বে ৰাষ্ট্রীয় শিক্ষানীতিৰ খচৰা প্রস্তুত হৈছে৷ তাত স্কুল পর্যায়ৰ ছিলেবাছৰ পৰা আৰম্ভ কৰি মূল্যায়ণ পদ্ধতিলৈকে পৰিৱর্তন অনাৰ কথা ঘোষণা কৰা হৈছে৷ কিন্তু বিভিন্ন পক্ষৰ আপত্তিৰ বাবে সেয়া এতিয়াও প্রযোজ্য হোৱা নাই৷ এনে পৰিস্থিতিত বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)য়ে নতুন প্রস্তাৱ আনিবলৈ আগবাঢ়িছে৷ অক্সফ’ড, য়েল্ড আদি বিশ্ব বিখ্যাত শিক্ষা প্রতিষ্ঠানৰ কেম্পাছ নির্মাণ হ’ব এই দেশত৷ কেইবাখনো বিশ্ববিদ্যালয়ক বাছনি কৰি এই প্রসংগত এক খচৰা প্রস্তুত কৰা হৈছে৷ অর্থাৎ ঘৰতেই বহি কম খৰচত অক্সফ’ড হার্ভার্ডৰ দৰে বিশ্ববিদ্যালয়ত পঢ়িব পাৰিব ভাৰতীয় শিক্ষার্থীয়ে৷ আজি ইউজিচিৰ অধ্যক্ষ এম জগদেশ কুমাৰে এই কথা ঘোষণা কৰিছে৷ অৱশ্যে এই সন্দর্ভত এতিয়াও সবিশেষ তথ্য চৰকাৰে সদৰী কৰা নাই৷

You might also like