নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মূলৰ ঋষি সুনকক পৰাস্ত কৰি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত লীজ ট্ৰাছ

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ:  ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ নিৰ্বাচনত জয়লাভ কৰিছে লিজ ট্ৰাছে (Liz Truss)। তেওঁ নিকট প্ৰতিদ্বন্দ্বিতাত ভাৰতীয় মূলৰ সাংসদ ঋষি সুনকক পৰাস্ত কৰিছে। লিজ ট্ৰাছে ৮১৩২৬টা আৰু ঋষি সুনাকে ৬০৩৯৯টা ভোট লাভ কৰে। থেৰেছা মে আৰু মাৰ্গাৰেট থেচাৰৰ পিছত ব্ৰিটেইনৰ তৃতীয়গৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় লিজ ট্ৰাছ। মঙলবাৰে প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব লিজ ট্ৰাছে।

লিজ ট্ৰাছ কোন?

লিজ ট্ৰাছৰ সম্পূৰ্ণ নাম মেৰী এলিজাবেথ ট্ৰাছ। তেওঁ ১৯৭৫ চনত ব্ৰিটেইনৰ অক্সফৰ্ডত জন্মগ্ৰহণ কৰিছিল। দেউতাক গণিতৰ অধ্যাপক আৰু মাতৃ আছিল এগৰাকী নাৰ্ছ। লিজে ব্ৰিটেইনৰ প্ৰখ্যাত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন (philosophy), ৰাজনীতি (Politics) আৰু অৰ্থনীতি (Economics) বিষয়ত অধ্যয়ন কৰিছে।

You might also like