ৰাষ্ট্রসংঘত ৰাছিয়াৰ বিৰুদ্ধে ভাৰতৰ সমর্থন বিচাৰিলে ইউক্রেইনৰ ৰাষ্ট্রপতি ভি জেলেনস্কীয়ে
নিময়ীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ইউক্রেইনৰ ওপৰত ৰাছিয়াই চলাই থকা বিধ্বংসী আক্রমণৰ তৃতীয় দিনা ইউক্রেইনৰ ৰাষ্ট্রপতি ভলোডিমিৰ জেলেনস্কীয়ে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে টেলিফোনিক বার্তালাপ কৰে৷ যুদ্ধত বিধ্বস্ত হৈ পৰা ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে টেলিফোনত বার্তালাপ কৰি প্রধানমন্ত্রী মোদীক ৰাষ্ট্রসংঘত ৰাছিয়াৰ বিৰুদ্ধে সমর্থন বিচাৰে৷ প্রধানমন্ত্রীৰ সৈতে বার্তালাপৰ পাছত ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে টুইটযোগে কয়–আমাৰ ভূমিত এক লাখতকৈ অধিক আক্রমণকাৰী আছে৷ তেওঁলোকে আমাৰ আৱাসিক অট্টালিকাত ধাৰাবাহিকভাৱে আক্রমণ চলাই আছে৷
তদুপৰি ৰাষ্ট্রপতিগৰাকীয়ে টুইটাৰত এই বুলিও কয় যে ভাৰতে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ৰাজনৈতিক সমর্থন আমাক দিয়ক৷ আমি একেলগে আগ্রাসন বন্ধ কৰিম৷ উল্লেখ্য যে কালি নিশা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্রমণক লৈ ৰাছিয়াক গৰিহণা প্রস্তাৱৰ সময়ত ভাৰতে ভোটৰ পৰা আঁতৰি থাকে৷ অর্থাৎ ভাৰতে এই গৰিহণাৰ প্রস্তাৱত সমর্থন নকৰে৷ ভাৰতৰ উপৰি ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ ৰাছিয়াৰ যুদ্ধৰ গৰিহণাৰ প্রস্তাৱৰ বৈঠকত ভোটৰ পৰা বিৰত থাকে চীন আৰু ইউ এ ই৷ নিৰাপত্তা পৰিষদৰ ১৫ সদস্যৰ ভিতৰত গৰিহণা প্রস্তাৱত ১১টা ভোট পৰে৷ আনপিনে, ৰাছিয়াই এই প্রস্তাৱত ভেটো প্রদান কৰাৰ লগে লগে প্রস্তাৱটো গৃহীত নহ’ল৷
মন কৰিবলগীয়া যে ৰাছিয়াই ইউক্রেইনৰ ওপৰত আক্রমণ কৰাৰ পাছতে ইউক্রেইনৰ কর্তৃপক্ষই ৰাছিয়াৰ ৰাষ্ট্রপতিৰ সৈতে প্রধানমন্ত্রী মোদীক বার্তালাপৰ বাবে আহ্বান জনাইছিল৷ প্রধানমন্ত্রী মোদীয়েও ৰাছিয়াৰ ৰাষ্ট্রপতিৰ সৈতে টেলিফোনিক বার্তালাপ কৰি হিংসা ত্যাগ কৰিবলৈ আহ্বান জনাইছিল৷ ইয়াৰ পাছতে ইউক্রেইনৰ ৰাষ্ট্রপতিগৰাকীয়ে ভাৰতৰ প্রধানমন্ত্রী মোদীৰ সৈতে টেলিফোনত বার্তালাপ কৰি ৰাষ্ট্রসংঘৰ মজিয়াত ৰাজনৈতিক সমর্থন বিচৰাটো তাৎপর্যপূর্ণ৷ আনপিনে, ইউক্রেইনত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক দেশলৈ ওভতাই অনাৰ বাবে কেন্দ্রীয় চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷