নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত ৰাষ্ট্রসংঘৰ কর্মীক আক্রমণ, নিহত পাঁচ

নিয়মীয়া বাৰ্তা ১৫ মাৰ্চঃ সংঘর্ষজর্জৰ আফগানিস্তানত ৰাষ্ট্রসংঘৰ সাহায্য অভিযান (ইউএনএএমএ)ৰ কর্মীৰ কনভয়ৰ ওপৰত হোৱা এক আক্রমণৰ ঘটনাত পাঁচগৰাকী নিৰাপত্তাৰক্ষী নিহত হৈছে৷ অৱশ্যে দুদিন পূর্বে নিশাৰ ভাগতে এই আক্রমণৰ ঘটনা সংঘটিত হৈছিল যদিও আজিহে সংবাদ মাধ্যমৰ নজৰলৈ আহিছে এই ঘটনা৷ স্থানীয় ট’লো নিউজৰ প্রতিবেদন অনুসৰি কাবুল–জালালাবাদ ৰোডত সংঘটিত হৈছিল এই আক্রমণৰ ঘটনা৷ নিহত নিৰাপত্তাৰক্ষীকেইজন্ হৈছে সুৰক্ষা সেৱা সঞ্চালকালয়ৰ কর্মী৷ ‘

লক্ষণীয়ভাৱে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনে ক্ষমতাত আৰোহণ কৰাৰ পিছতে আফগানিস্তানত ১০০ দিনৰ বাবে সংঘর্ষৰত সকলো পক্ষক শান্ত হ’বলৈ আহ্বান জনাইছে যদিও দেশখনত অব্যাহত আছে কূটাঘাত আৰু সংঘর্ষ৷ অৱশ্যে এই সংঘর্ষ আৰু আক্রমণৰ ঘটনাত তালিবান জড়িত আছে নে নাই সেই কথা নিশ্চিত কৰিব পৰা নাই নিৰাপত্তা বাহিনীয়ে৷ বর্তমান আফগানিস্তানত কেইবাটাও ইছলামিষ্ট জেহাদী সংগঠনে সাংগঠনিক ভেটি সবল কৰি তুলিবলৈ সক্ষম হৈছে৷ গতিকে এই আক্রমণৰ ঘটনাত অন্য জেহাদী সংগঠন জড়িত থকা বুলিও বিভিন্ন মহলে সন্দেহ কৰি আছে৷

You might also like