ইজৰাইল-ইৰান যুদ্ধ-ত প্ৰত্যক্ষ প্ৰৱেশৰ দিশে আমেৰিকা, অপেক্ষা ট্ৰাম্পৰ গ্ৰীন ছিগনেললৈ
হোৱাইট হাউছৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘মই হয়তো, মই নহ’বও পাৰে... মই কি কৰিবলৈ ওলাইছো কোনেও নাজানে।’
ইজৰাইল-ইৰান যুদ্ধ-ত প্ৰত্যক্ষ প্ৰৱেশৰ দিশে আমেৰিকা, অপেক্ষা ট্ৰাম্পৰ গ্ৰীন ছিগনেললৈ
নিউজ ডেস্ক, ১৯ জুন : ইৰান-ইজৰাইলৰ মাজত চলি থকা সংঘাতে মধ্যপ্ৰাচ্যক যুদ্ধৰ সীমালৈ লৈ গৈছে। এফালে ইৰানৰ পাৰমাণৱিক স্থানত ইজৰাইলে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে, আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মৌনতা আৰু অস্পষ্ট বক্তব্য বিশ্বব্যাপী চিন্তাৰ বিষয় হৈ পৰিছে। এই সংঘাত পূৰ্ণাংগ যুদ্ধলৈ পৰিণত হ’ব নে আলোচনাৰ দিশত আগবাঢ়িব সেইটো নিৰ্ণয় কৰাত ট্ৰাম্পৰ স্থিতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে।
ট্ৰাম্পৰ মৌনতা-সতৰ্কবাণী
ড’নাল্ড ট্ৰাম্পে দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলক জনাইছে যে তেওঁ ইৰানক আক্ৰমণ কৰাৰ পৰিকল্পনাত অনুমোদন জনাইছে যদিও চূড়ান্ত নিৰ্দেশ দিয়াৰ পূৰ্বে ইৰানে নিজৰ পাৰমাণৱিক কাৰ্যসূচী পৰিত্যাগ কৰে নেকি সেয়া চাব বিচাৰে। হোৱাইট হাউছৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘মই হয়তো, মই নহ’বও পাৰে… মই কি কৰিবলৈ ওলাইছো কোনেও নাজানে।’
ট্ৰাম্পে দাবী কৰিছিল যে ইৰানৰ বিষয়াসকলে ৱাশ্বিংটনত আলোচনা কৰিব বিচাৰে যদিও তেওঁ লগতে কয় যে এতিয়া বহু দেৰি হৈছে। ইফালে জাৰ্মানী, ফ্ৰান্স আৰু ব্ৰিটেইনৰ বৈদেশিক মন্ত্ৰীয়ে শুকুৰবাৰে জেনেভাত ইৰানৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰি ইৰানৰ পাৰমাণৱিক কাৰ্যসূচী কেৱল অসামৰিক ব্যৱহাৰৰ বাবেহে বুলি আশ্বাস দিব।
যুদ্ধৰ ভাবুকি গভীৰ
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ভিডিঅ’ বাৰ্তাযোগে কয় যে আমি ক্ৰমান্বয়ে ইৰানৰ পাৰমাণৱিক আৰু ক্ষেপণাস্ত্ৰ ঘাটিসমূহ নিৰ্মূল কৰি আছো। তেওঁ ট্ৰাম্পক ধন্যবাদ জনাই তেওঁক “ইজৰাইলৰ প্ৰকৃত বন্ধু” বুলি অভিহিত কৰি কয় যে তেওঁলোকৰ মাজত অহৰহ যোগাযোগ আছে। ইৰানৰ পৰা নিক্ষেপ কৰা ড্ৰ’ন উত্তৰ ইজৰাইল আৰু জৰ্ডান উপত্যকাত নিক্ষেপ কৰা বুলি ইজৰাইল সেনাই জানিবলৈ দিয়ে। ইয়াৰ লগতে ইজৰাইলৰ বায়ুসেনাই ইৰানৰ আৰক্ষী মুখ্য কাৰ্যালয় ধ্বংস কৰা বুলি দাবী কৰে।
খামেনেইৰ সতৰ্কবাণী
ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই টেলিভিছনৰ বাৰ্তাযোগে ট্ৰাম্পক কঠোৰ সতৰ্কবাণী প্ৰদান কৰে। তেওঁ কয়, “আমেৰিকাই যদি সামৰিকভাৱে হস্তক্ষেপ কৰে তেন্তে ইয়াৰ এনে ক্ষতি হ’ব যিটো কেতিয়াও মেৰামতি নহ’ব। ইৰানে কেতিয়াও আত্মসমৰ্পণ নকৰে।”