নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক অধিকৃত কাশ্মীৰত নজিৰবিহীন বিক্ষোভ : তিনি দিনে ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ

🔹 সন্ত্রাসবাদীৰে আপোচ কৰা প্রশাসন বাণিজ্যৰ ক্ষেত্রত বিফল হোৱাৰ অভিযোগ

নিউজ ডেস্ক, ৩ জুন : পাক অধিকৃত কাশ্মীৰত ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ পাকিস্তান শুল্ক বিভাগ আৰু গিলগিট বাল্টিস্তান প্রশাসনৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই অহাই নহয়, অৱৰোধ কৰিছে চীন–পাকৰ কাৰাকোৰাম ৰাষ্ট্রীয় ঘাইপথ৷ চীন–পাকিস্তানৰ কাৰাকোৰাম ঘাইপথ অনির্দিষ্ট কাললৈ অৱৰোধ কৰাৰ হুংকাৰ দিছে হাজাৰ হাজাৰ বাসিন্দাই৷ সন্ত্রাসবাদীৰ সৈতে আপোচ কৰি থকা প্রশাসনে বাণিজ্যৰ ক্ষেত্রত বিফল হোৱা বুলি গুৰুত্বপূর্ণ অভিযোগ উত্থাপন কৰি শ্বেহৱাজ শ্বৰীফ নেতৃত্বাধীন চৰকাৰৰ বাণিজ্য নীতিক লৈ বাসিন্দাসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ কার্যতঃ পাকিস্তানৰ শুল্ক বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰি অনির্দিষ্ট কাললৈ কাৰাকোৰাম ঘাইপথ অৱৰোধ কৰিছে প্রতিবাদকাৰীয়ে৷ উল্লেখ্য যে পাক অধিকৃত কাশ্মীৰৰ গিলগিট বাল্টিস্তানৰ প্রশাসনে বাণিজ্যক লৈ চলোৱা অনিয়মৰ পৰিপ্রেক্ষিততেই হাজাৰ হাজাৰ ৰপ্তানিকাৰী আৰু আমদানি কৰা ব্যৱসায়ীয়ে আৰম্ভ কৰা এই প্রতিবাদী কার্যসূচীত ৰাজনৈতিক দলসমূহেও সহযোগ কৰিছে৷ গিলগিট বাল্টিস্তানৰ গুলমত নগৰত হাজাৰ হাজাৰ বাসিন্দাই ধর্মঘটত বহিছে৷ ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰাৰ বাবে বাসিন্দাসকলৰ নিজৰ স্বাভাৱিক জীৱনযাত্রাতো প্রভাৱ পৰিছে৷ যেতিয়ালৈকে প্রতিবাদকাৰীসকলৰ দাবী মানি লোৱা নহয় তেতিয়ালৈকে পাকিস্তান আৰু চীনৰ সংযোগী কাৰাকোৰাম ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি ৰখা হ’ব বুলিও হুংকাৰ দিয়া হৈছে৷ ব্যৱসায়ী, বুদ্ধিজীৱী আৰু নাগৰিক সংগঠনৰ কর্মীসকলে এই প্রতিবাদত অংশগ্রহণ কৰিছে৷ মন কৰিবলগীয়া যে ইছলামাবাদে পাক অধিকৃত কাশ্মীৰক অৱহেলা কৰি অহাৰ বাবে বিগত সময়ছোৱাত বাৰম্বাৰ অঞ্চলবাসীয়ে চৰকাৰখনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ চীনৰ পৰা আমদানিকৃত সামগ্রী সৰবৰাহ কৰা ছ’ষ্ট ড্রাই প’ৰ্ট বিগত ছমাহ ধৰি বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিততে শুল্ক বিভাগৰ বিৰুদ্ধে তীব্র প্রতিবাদ ইতিমধ্যে অঞ্চলবাসীয়ে কেইবাবাৰো ৰূপায়ণ কৰাৰ পাছত অৱশেষত কাৰাকোৰাম ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰে৷ লক্ষণীয় যে ডিচেম্বৰৰ পৰাই এই প’ৰ্টটোত অতি কমেও ২৫৭ ‘কনছাইনমেণ্ট’ আবদ্ধ হৈ আছে৷ যাৰ ফলত এই সামগ্রীসমূহৰ ম্যাদ উকলি যোৱাৰ বাবে বৃহৎ পৰিমাণৰ বিত্তীয় লোকচান হৈছে৷

You might also like