৩৭ লাখ কোটি টকাৰ সম্পত্তিৰ মালিক মার্কিন ধনকুবেৰ এলন মাস্ক
📌 মার্কিন নির্বাচনত ড’নাল্ড ট্রাম্পক সমর্থন কৰি ব্যৱসায়িক ক্ষেত্রত অত্যধিক মুনাফা অর্জন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ ডিচেম্বৰঃ পূর্বৰে পৰা বিশ্বৰ প্রথম স্থানত থকা সমৃদ্ধিশালী ব্যক্তি হিচাপে পৰিচিত হৈ আহিছে এলন মাস্ক৷ আমেৰিকান এই ধনকুবেৰে সম্পদৰ বিশাল সাম্রাজ্য নিয়ন্ত্রণ কৰি আছে৷ এইবাৰ বিশ্বৰ ইতিহাসত নজিৰ গঢ়িলে ধনকুবেৰ মাস্কে৷ বিশ্বৰ প্রথমগৰাকী ব্যক্তি হিচাপে ধনকুবেৰ এলন মাস্কে ৪০০ বিলিয়ন ডলাৰৰো অধিক সম্পত্তিৰ মালিক হিচাপে স্বীকৃতি লাভ কৰিছে৷ ধনকুবেৰ মাস্কৰ এই বিশাল সাম্রাজ্য বহু দেশৰ জিডিপিতকৈও অধিক৷ বিশেষজ্ঞসকলৰ মতে, আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পে জয়লাভ কৰাৰ ফলত ব্যৱসায়িক ক্ষেত্রত বিশেষ সুবিধা লাভ কৰিছে টেছলাৰ মুৰব্বী এলন মাস্কে৷ মাত্র কেইদিনমানৰ ভিতৰতে মাস্কৰ সম্পত্তি দ্রুত হাৰত বৃদ্ধি পাইছে৷ ব্লুমবার্গৰ পৰিসংখ্যা অনুসৰি এলন মাস্কৰ হাতত আছে এতিয়া ৪৪০ বিলিয়ন ডলাৰৰ সম্পত্তি৷ ভাৰতীয় মুদ্রাৰ হিচাপত এই অংকটো প্রায় ৩৭ লাখ কোটি টকাৰ ওচৰা–উচৰি৷ মাস্কৰ অধিকৃত টেছলা আৰু স্পেচ এক্স– এই দুয়োটা সংস্থাই বর্তমান বৃহৎ অংকৰ ধন অর্জন কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ফলতে ৰকেটৰ গতিত বৃদ্ধি পাইছে ধনকুবেৰ মাস্কৰ সম্পদৰ পৰিমাণ৷ মানৱ জাতি ইতিহাসত প্রথম ব্যক্তি হিচাপে চাৰি শতাধিক বিলিয়ন সম্পত্তিৰ অধিকাৰী হৈছে মাস্ক৷ অৱশ্যে অন্য এক সংস্থা ফ’বছৰ মতে, মাস্কৰ সম্পত্তিৰ মূল্য ৩৬৮ বিলিয়ন ডলাৰ৷ মাস্কৰ নিকটতম প্রতিদ্বন্দ্বী জেফ বেজোছৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৪৪ বিলিয়ন ডলাৰ৷ পৰিসংখ্যা অনুসৰি মাস্ক অধিকৃত টেছলাৰ ষ্টকৰ দাম প্রায় ৬৫ শতাংশ বৃদ্ধি পাইছে আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল প্রকাশৰ পিছত৷ বিশেষজ্ঞসকলৰ মতে, টেছলাৰ এই উত্থানৰ অন্তৰালত আছে দুটা কাৰণ৷ প্রথমতে, আগন্তুক মার্কিন ৰাষ্ট্রপতিয়ে ৰবটচালিত গাড়ীৰ পক্ষত অৱস্থান গ্রহণ কৰিব৷ দ্বিতীয়তে, টেছলাৰ প্রতিদ্বন্দ্বী গাড়ী নির্মাণ সংস্থাসমূহৰ কৰ সম্পর্কীয় সুযোগ–সুবিধাবোৰতো ট্রাম্পে সৃষ্টি কৰিব সমস্যা৷ গতিকে টেছলাৰ ওপৰত আস্থা ৰাখিছে বিনিয়োগকাৰীসকলে৷ ফলত ধনকুবেৰ মাস্কৰ সম্পত্তিৰ পৰিমাণ বাঢ়িছে দ্রুতগতিত৷ টেছলাৰ উপৰি মাস্কৰ সংস্থা স্পেচ এক্স আৰু স্পেচ ৱায়ে আমেৰিকাৰ নির্বাচনৰ পিছত সর্বকালৰ অভিলেখ ভংগ কৰি মুনাফা অর্জন কৰিবলৈ সক্ষম হৈছে৷ কালি নতুন এক চুক্তিত স্বাক্ষৰ কৰিছে স্পেচ এক্সে৷ লক্ষণীয়ভাৱে নতুন মার্কিন প্রশাসনতো গুৰুত্বপূর্ণ পদ লাভ কৰিছে ধনকুবেৰ এলন মাস্কে৷ ড’নাল্ড ট্রাম্পৰ ঘনিষ্ঠ এই ধনকুবেৰৰ সম্পত্তি বৃদ্ধিয়ে ইতিমধ্যে ইতিহাসত নজিৰ সৃষ্টি কৰিলে৷ আগন্তুক দিনত মাস্কৰ সম্পদৰ সাম্রাজ্যৰ পৰিধি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷