আমেৰিকা -চীনৰ বাণিজ্যিক যুদ্ধবিৰতি ঘোষণা
🔹 দুয়ো দেশৰ পাৰস্পৰিক শুল্ক ৯০ দিনৰ কাৰণে ১১৫ শতাংশ হ্রাসৰ সিদ্ধান্ত
নিউজ ডেস্ক, ১৩ মে’ : আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ মাজত চলি থকা বাণিজ্যিক যুদ্ধৰ সাময়িক বিৰতিৰ সিদ্ধান্ত৷ দুই দেশৰ মাজত চলি থকা পাৰস্পৰিক শুল্ক আৰোপৰ বাণিজ্যিক যুদ্ধখন ৯০ দিনৰ বাবে বিৰত থাকিব৷ অর্থাৎ ৯০ দিনৰ কাৰণে দুয়োখন দেশে পাৰস্পৰিক শুল্ক ১১৫ শতাংশ হ্রাসৰ সিদ্ধান্ত লৈছে৷ এই সিদ্ধান্ত অনুসৰি চীনে আমেৰিকাৰ সামগ্রীত ১০ শতাংশ শুল্ক আৰোপ কৰিব আৰু আমেৰিকা যুক্তৰাষ্ট্রই চীনৰ সামগ্রীত প্রায় ৩০ শতাংশ শুল্ক আৰোপ কৰিব৷ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক অর্থনৈতিক আৰু বাণিজ্যিক সম্পর্কৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই এই সিদ্ধান্ত গ্রহণ কৰা হৈছে বুলি যুটীয়া বিবৃতিত প্রকাশ কৰিছে৷ পাৰস্পৰিক লাভৰ প্রতি লক্ষ্য ৰাখিয়েই দুয়োখন দেশে এই সিদ্ধান্ত লোৱা বুলিও বিবৃতিত প্রকাশ কৰা হৈছে৷ গুৰুত্বপূর্ণ যে বিগত বছৰ ধৰি চীন আৰু আমেৰিকাৰ অর্থনীতিৰ ওপৰত বিৰূপ প্রভাৱ পৰি থকাৰ প্রতি লক্ষ্য ৰাখি দুয়োখন দেশে অর্থনৈতিক আৰু বাণিজ্যিক সম্পর্ক উন্নীত কৰাৰ ওপৰত প্রাধান্য দিছে৷ মন কৰিবলগীয়া যে মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি হিচাপে দ্বিতীয়বাৰ শপত গ্রহণ কৰাৰ পাছতে ড’নাল্ড ট্রাম্পে চীনৰ ওপৰত অতিৰিক্ত ৫০ শতাংশতকৈ অধিক শুল্ক আৰোপ কৰে৷ ইয়াৰ প্রত্যুত্তৰত চীনেও অতিৰিক্ত শুল্ক আৰোপ কৰে৷ দুয়োখন দেশৰ মাজত অতিৰিক্ত শুল্ক আৰোপৰ যুঁজখন ইমানেই তীব্রতৰ হৈ উঠে যে দুয়োখন দেশে পাৰস্পৰিক শুল্ক ১০০ৰ পৰা ৩০০ শতাংশলৈ বৃদ্ধি কৰে৷ ইয়ে দুয়োখন দেশৰ অর্থনীতি আৰু বাণিজ্যত প্রভাৱ পেলায়৷ ইয়াৰ পৰিপ্রেক্ষিতত চীনৰ হৈ হি লিফঙে প্রতিনিধি হৈ আমেৰিকাৰ প্রতিনিধি স্কট বেছেণ্টৰ সৈতে আলোচনাত মিলিত হয়৷ এই আলোচনাত দুয়োখন দেশে পাৰস্পৰিক শুল্ক হ্রাস কৰাৰ সিদ্ধান্তত উপনীত হয়৷