নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ক্রিকেট লীগ বাতিল : দোষী প্রশিক্ষকক ছয় বছৰ নির্বাসিত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ডিচেম্বৰঃ প্রথমে আমেৰিকাৰ ৰাষ্ট্রীয় ক্রিকেট লীগ বন্ধ কৰা আৰু ইয়াৰ পিছত মেচ ফিক্সিঙত দোষী সাব্যস্ত প্রশিক্ষকক ছয় বছৰৰ বাবে নির্বাসনৰ শাস্তি বিহিলে আইচিচিয়ে৷ আইচিচিৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰাৰ পিছতেই ইটোৰ পিছত সিটো বৃহৎ সিদ্ধান্ত লয় জয় শ্বাহে৷ উল্লেখ্য যে প্রশিক্ষকৰ বিৰুদ্ধে তিনি বছৰ পূর্বেই মেচ ফিক্সিঙৰ অভিযোগ উত্থাপিত হৈছিল৷ ইমানদিনে কোনো শাস্তিৰ সিদ্ধান্ত লোৱা হোৱা নাছিল৷ কিন্তু এইবাৰ দায়িত্ব গ্রহণ কৰাৰ পিছতেই জয় শ্বাহে শাস্তিৰ ব্যৱস্থা লয়৷ উল্লেখ্য যে আবুধাবি টি–১০ লীগত ছানী ধিলোৰ বিৰুদ্ধে মেচ ফিক্সিঙৰ অভিযোগ উত্থাপিত হৈছিল৷ সেই সময়ত এটা দলৰ সহকাৰী প্রশিক্ষক আছিল তেওঁ৷ কেৱল ছানীয়ে নহয়, সেইবাৰ মেচ ফিক্সিঙৰ অভিযোগ উঠিছিল মুঠ আঠজনৰ বিৰুদ্ধে৷ আইচিচিৰ শৃংখলা ৰক্ষা কমিটীয়ে সেই আঠজনক প্রতিযোগিতাৰ পৰা বর্খাস্ত কৰিছিল৷ ২০২৩ চনৰ ১৩ ছেপ্টেম্বৰত ছানীক নিলম্বিত কৰা হৈছিল৷ এইবাৰ নির্বাসিত হয় তেওঁ৷ উল্লেখ্য যে যোৱা ১ ডিচেম্বৰৰ পৰা আইচিচিৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰে শ্বাহে৷ কালি আইচিচিৰশৃংখলা ৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত বৈঠকতে ছানীক দোষী সাব্যস্ত কৰা হয়৷ এই সময়ছোৱাত তেওঁ ক্রিকেটৰ সৈতে জড়িত হ’ব নোৱাৰিলে৷ ইপিনে, আজি আইচিচিয়ে জনায় যে আমেৰিকাৰ ক্রিকেট সংস্থাই এতিয়াৰ পৰা টি–২০ আৰু টি–১০ লীগৰ আয়োজন কৰিব নোৱাৰিব৷ যিকোনো দেশৰ ক্রিকেট লীগত আইচিচিৰ নিয়ম অনুসৰি একাদশত কমেও সাতজন দেশৰ ক্রিকেটাৰ ৰাখিব লাগে৷ কিন্তু আমেৰিকাৰ ক্রিকেট লীগে সেই নিয়ম উপেক্ষা কৰি আহিছে৷ ইয়াৰ উপৰি কিছু অনুমতি সম্পর্কীয় বিষয়তো তেওঁলোকে নিয়ম মানি চলা নাছিল৷ সেইবাবে দেশখনৰ ক্রিকেট লীগ বাতিল কৰা হৈছে৷ আমেৰিকাৰ ক্রিকেট সংস্থাক এই বিষয়ে জনাই দিয়াও হৈছে৷ আমেৰিকাৰ ক্রিকেট লীগৰ মুখ্য প্রচাৰক আছিল ৱাশ্বিম আক্রাম আৰু ভিভিয়ান ৰিচার্ডছ৷ লীগৰ অংশীদাৰ আছিল শচীন তেণ্ডুলকাৰ, সুনীল গাভাস্কাৰৰ দৰে কিংবদন্তি ক্রিকেটাৰ৷ তৎসত্ত্বেও এই লীগসমূহৰ পৰিচালনাত যথেষ্ট সমস্যাই দেখা দিয়ে৷ আইচিচিয়ে জনোৱা মতে, আমেৰিকাৰ ক্রিকেট লীগক কেন্দ্র কৰি খেলপথাৰ আৰু খেল পথাৰৰ বাহিৰত বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছে৷ যথেষ্টসংখ্যক মেচত ৬–৭জন বিদেশী ক্রিকেটাৰক প্রথম একাদশত ৰখা হৈছে৷ এই লীগৰ পিটছসমূহ অতি নিম্নমানৰ আছিল আৰু তাক লৈ সমস্যাৰ সৃষ্টি হৈছিল৷ ৱাহাব ৰিয়াজ, টাইমাল মিলছৰ দৰে পেচ বলাৰক স্পিন বলিং কৰিবলৈ বাধ্য কৰোৱা হৈছিল, যাতে এইধৰণৰ উইকেটত খেলি বেটাৰ আঘাতপ্রাপ্ত নহয়৷ ইয়াৰ উপৰি বিদেশী ক্রিকেটাৰসকলক লীগত খেলোৱাৰ ক্ষেত্রতো নথি সম্পর্কীয় সমস্যা আছে৷

You might also like