নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়া-ইউক্রেইন যুদ্ধৰ অৱসান ঘটাবলৈ মধ্যস্থতা নকৰে আমেৰিকাই!

🔹 যুদ্ধবিৰতিত আগ্রহ নাই মস্কো–কিয়েভৰ

নিউজ ডেস্ক, ১৯ এপ্রিল : ৰাছিয়া–ইউক্রেইনৰ মাজত যুদ্ধৰ অৱসান ঘটাবলৈ চেষ্টা চলাইছিল আমেৰিকাই৷ শান্তিৰ পথলৈ উভতি আহিবলৈ চর্তসাপেক্ষে ৰাজীও হৈছিল যুযুধান দুই পক্ষ৷ কিন্তু যুদ্ধবিৰতিৰ প্রতিশ্রুতি যে মাত্র মুখৰ কথা, সেয়া বাৰে বাৰে প্রমাণ হৈছে৷ আক্রমণ–প্রত্যাক্রমণ অব্যাহত ৰাখিছে ৰাছিয়া–ইউক্রেইনে৷ কেইদিনমান পূর্বে ইউক্রেইনৰ চহৰ ছুমীত ভয়াৱহ আক্রমণ চলাইছিল ৰুছ বাহিনীয়ে৷ এই আক্রমণত ৩১জন লোক নিহত হোৱাৰ উপৰি শতাধিক আহত হৈছে৷ এই আক্রমণৰ পাছতে ৰাছিয়াক কঠোৰ ভাষাৰে গৰিহণা দিয়ে আমেৰিকাই৷ এইবাৰ হোৱাইট হাউছৰ তৰফৰ পৰা ইংগিত দিয়া হৈছে যে দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ অৱসান ঘটাবলৈ মধ্যস্থতা নকৰে আমেৰিকাই৷ অর্থাৎ এই পৰিস্থিতিৰ পৰা আমেৰিকাই মধ্যস্থতাকাৰীৰ ভূমিকা এৰিবলৈ প্রত্যাৱর্তনৰ চিন্তা–চর্চা চলাইছে৷ দ্বিতীয়বাৰ ক্ষমতালৈ আহিয়েই ২৪ ঘণ্টাৰ ভিতৰতে ৰাছিয়া–ইউক্রেইনৰ যুদ্ধ বন্ধ কৰি দিব বুলি ঘোষণা কৰিছিল ড’নাল্ড ট্রাম্পে৷ আনকি ট্রাম্পে দুয়োখন দেশৰ মাজত যুদ্ধৰ অৱসান ঘটাবলৈ চেষ্টাও চলাইছিল৷ কিন্তু সেই চেষ্টা এতিয়াও সফল হোৱা নাই৷

You might also like