নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্বল স্থিতি ! আঁতৰিল মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন

🔹 ৰাষ্ট্রপতি পদৰ ডেম’ক্রেট প্রার্থী হোৱাৰ দিশে কমলা হেৰিছ

বিশেষ বাৰ্তা, ২২ জুলাই : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনৰ ডেম’ক্রেটৰ প্রার্থিত্ব ৰাষ্ট্রপতি জ’ বাইডেনে প্রত্যাহাৰ কৰাৰ পিছত উপ–ৰাষ্ট্রপতি কমলা হেৰিছ ডেম’ক্রেটৰ ৰাষ্ট্রপতি পদৰ প্রার্থী হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ২০২৪ৰ ৰাষ্ট্রপতি নির্বাচনৰ দৌৰত ৰিপাব্লিকান প্রার্থী প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে প্রচাৰ অভিযানত ৰাষ্ট্রপতি জ’ বাইডেনৰ স্থিতি দুর্বল হৈ পৰাৰ পৰিপ্রেক্ষিততে ডেম’ক্রেটে নতুন প্রার্থী প্রক্ষেপৰ সিদ্ধান্ত লৈছে৷ ভাৰতীয় বংশোদ্ভৱ উপ–ৰাষ্ট্রপতি কমলা হেৰিছ ডেম’ক্রেটৰ ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে চর্চাৰ মাজলৈ আহিছে৷ ইতিমধ্যে ভাৰতীয় বংশোদ্ভৱ কেইবাগৰাকীও নেতাই কমলা হেৰিছক ৰাষ্ট্রপতি পদৰ প্রার্থী হিচাপে প্রক্ষেপ কৰিছে৷ উপ–ৰাষ্ট্রপতি হেৰিছৰ নেতৃত্ব বহনকাৰী দক্ষতাৰ বাবে তেওঁক এইবেলি ডেম’ক্রেটে প্রার্থী হিচাপে প্রক্ষেপ কৰাৰ সিদ্ধান্ত পৰৱর্তী কেইবাঘণ্টাৰ ভিতৰতেই নিশ্চিত কৰিব বুলি সংবাদ মাধ্যমত চর্চিত হৈছে৷

You might also like