এক্সন মুডত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প; শ শ নাগৰিকক গ্ৰেপ্তাৰ
সুৰশ্ৰী শৰ্মাৰ প্ৰতিবেদন, ২৫ জানুৱাৰী : আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে ডনাল্ড ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পিছতে কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে। এই কঠোৰ পদক্ষেপসমূহক লৈ আন্তৰ্জাতিক মহলত বিভিন্ন চৰ্চা হোৱা দেখা গৈছে। শেহতীয়াকৈ আমেৰিকাত ৫৩৮ জন প্ৰব্ৰজনকাৰীক আটক কৰিছে বুলি হোৱাইট হাউছৰ সূত্ৰত প্ৰকাশ ৷ লগতে শ শ লোকক সামৰিক বিমানেৰে স্থানান্তৰ কৰা হৈছে । নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই পদক্ষেপ গ্ৰহণ কৰে । শপতগ্ৰহণৰ এসপ্তাহ সম্পূৰ্ণ হোৱাই নাই, ট্ৰাম্পে আৰম্ভ কৰিছে অভিযান। অবৈধ নাগৰিকৰ বহিষ্কাৰৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ট্ৰাম্প প্ৰশাসনে দেশজুৰি অভিযান আৰম্ভ কৰে । হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰোলিন লিয়াভিটে বৃহৎ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰি কয় যে এজন সন্দেহযুক্ত সন্ত্ৰাসবাদী, ট্ৰেন ডি আৰাগুয়া দলৰ ৪জন সদস্য আৰু নাবালকৰ বিৰুদ্ধে যৌন অপৰাধত দোষী সাব্যস্ত হোৱা কেইবাজনো ব্যক্তিকে ধৰি ৫৩৮গৰাকী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে । ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপক ভাৰতে আদৰণি জনাইছে । বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়- “ভাৰতীয়সকলৰ বাবে কেৱল আমেৰিকাতে নহয়, বিশ্বৰ যিকোনো ঠাইতে, যদি তেওঁলোক ভাৰতীয় নাগৰিক হয় আৰু সঠিক নথি-পত্ৰ অবিহনে এখন নিৰ্দিষ্ট দেশত থাকে, আমি তেওঁলোকক ঘূৰাই লৈ আহিম। যদি তেনে হয়, তেন্তে আমি বিষয়বোৰ আগুৱাই লৈ যাম আৰু তেনেকুৱা লোকক ভাৰতলৈ ওভতাই লৈ অনাৰ ব্যৱস্থা কৰা হ’ব।”