নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন ভ্রমণলৈ যাব মার্কিন ৰাষ্ট্রপতি ট্রাম্প

🔹বাণিজ্য যুদ্ধৰ মাজতে দুই ৰাষ্ট্রপ্ৰধানৰ টেলিফোনিক বার্তালাপ

নিউজ ডেস্ক, ৭ জুন ঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রুপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰা নতুন শুল্ক নীতিক লৈ চীনৰ মাজত চলা বাণিজ্য যুদ্ধই পাছলৈ যুদ্ধবিৰতি হ’লেও দুয়োখন দেশৰ মাজত মতানৈক্য চলিয়ে আছে৷ ইয়াৰ মাজতে মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ মাজত টেলিফোনিক বার্তালাপ চলে৷ হোৱাইট হাউছে প্রকাশ কৰা মতে কালি দুয়োগৰাকী নেতাই ডেৰঘণ্টা ধৰি বার্তালাপ কৰে৷ এই বার্তালাপৰ সময়ত চীনৰ ৰাষ্ট্রপতিগৰাকীয়ে মার্কিন ৰাষ্ট্রপতি ট্রাম্পক চীন ভ্রমণৰ বাবে আমন্ত্রণ জনায়৷ হোৱাইট হাউছৰ উদ্যোগত হোৱা টেলিফোনিক বার্তালাপত চীনৰ ৰাষ্ট্রপতিগৰাকীক মার্কিন ভ্রমণ কৰিবলৈ নিমন্ত্রণ জনাইছে ৰাষ্ট্রপতি ট্রাম্পে৷ দুয়োখন দেশৰ মাজত বাণিজ্যকে ধৰি বিভিন্ন বিষয়ত সফল বার্তালাপ হোৱা বুলিও হোৱাইট হাউছে প্রকাশ কৰিছে৷ বার্তালাপৰ পিছত মার্কিন ৰাষ্ট্রপতি ট্রাম্পে কয় যে চীনৰ ৰাষ্ট্রপতিগৰাকীয়ে তেওঁক দেশ ভ্রমণলৈ আমন্ত্রণ জনাইছে৷ ময়ো তেওঁক আমাৰ দেশলৈ নিমন্ত্রণ জনাইছোঁ৷ দুয়োজনে ইজনে সিজনৰ আমন্ত্রণ গ্রহণ কৰিছে৷ ফাষ্ট লেডীক লৈ মই চীন ভ্রমণলৈ যাম৷ তেওঁকো ফাষ্ট লেডীক লৈ আমেৰিকালৈ আহিবলৈ আমন্ত্রণ জনাইছে৷ যদিওবা মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে চীন ভ্রমণলৈ যাব বুলি প্রকাশ কৰিছে চীনা সংবাদ মাধ্যমত এই সন্দর্ভত কোনো ধৰণৰ তথ্য প্রকাশ হোৱা নাই৷ অৱশ্যে চীনৰ ৰাষ্ট্রপতিগৰাকীয়ে ট্রাম্পক আমন্ত্রণ জনোৱা বুলি প্রচাৰ হৈছে৷ উল্লেখ্য যে চীনৰ বিৰুদ্ধে আমেৰিকাই সকলো নেতিবাচক পদক্ষেপ গ্রহণ কৰি থকাৰ পিছতো কিয় জিনপিঙে চীন ভ্রমনলৈ ট্রাম্পক আমন্ত্রণ জনাইছে তাক লৈও বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মন কৰিবলগীয়া যে বিগত মাহতো ছুইজাৰলেণ্ডৰ জেনেভাত দুই দেশৰ উচ্চপদস্থ বিষয়াই বাণিজ্য সম্পর্কীয় সংঘাত আঁতৰাবলৈ বৈঠকত মিলিত হৈছিল৷

You might also like