নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড টাহাউৰ ৰাণাক ভাৰতক গতাব আমেৰিকাই !

বিশেষ বাৰ্তা, ১৮ আগষ্ট : ২৬/১১ মুম্বাই আক্ৰমণৰ প্ৰায় ডেৰ দশক পাৰ হৈ গ’ল। জেহাদীৰ আক্ৰমণত নিহত আৰু আহতৰ পৰিয়ালে এতিয়াও অপেক্ষা কৰি আছে দোষীৰ শাস্তিৰ বাবে। আজমল কাছাবক যদিও ফাঁচী দিয়া হৈছে, তথাপি মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰ মাইণ্ড টাহাউৰ ৰাণা এতিয়াও আমেৰিকাৰ কাৰাগাৰত আছে। দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ অন্তত আমেৰিকাই পাকিস্তানী মূলৰ কানাডাৰ ব্যৱসায়ী ৰাণাক ভাৰতক গতাই দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি আমেৰিকাত বন্দী ৰাণাক ভাৰতক গতাই দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে জো বাইডেনৰ প্ৰশাসনে। যোৱা মে’ মাহত ৱাশ্বিংটনৰ ফেডাৰেল আদালতে ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণৰ নিৰ্দেশ দিছিল। কিন্তু প্ৰত্যৰ্পণৰ ৰায়দানৰ ওপৰত স্থগিতাদেশ বিচৰা ৰাণাৰ আবেদন এই সপ্তাহতে নাকচ কৰা হয়। সেই আদেশক প্ৰত্যাহ্বান জনাই ৰাণাৰ আবেদন এতিয়া ৱাশ্বিংটনৰ নৱম চাৰ্কিট বেঞ্চৰ সন্মুখত বিচাৰাধীন হৈ আছে। ইফালে, ৰাণাৰ অধিবক্তাই আমেৰিকাৰ বৈদেশিক সচিব এণ্টনী ব্লিংকেনলৈ এখন পত্ৰ লিখি ‘আত্মসমৰ্পণ প্ৰমাণ-পত্ৰ’ বা হেণ্ডঅভাৰ লেটাৰত স্বাক্ষৰ নকৰিবলৈ অনুৰোধ জনাইছে। কিন্তু চূড়ান্ত ৰায়লৈ অপেক্ষা নকৰাকৈয়ে ব্লিংকেনে প্ৰত্যৰ্পণৰ নিৰ্দেশনাত স্বাক্ষৰ কৰিব পাৰে ! এই খবৰ আমেৰিকাৰ বৈদেশিক কাৰ্যালয়ৰ সূত্ৰই জনাইছে। উল্লেখ্য যে মোদী চৰকাৰে ইতিমধ্যে ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পণৰ বাবে অনুৰোধ জনাইছিল। তাৰ পিছত যোৱা মে’ মাহত ৱাশ্বিংটনৰ ফেডাৰেল আদালতে এই আবেদন মঞ্জুৰ কৰে।

You might also like