প্রশান্ত মহাসাগৰত আমেৰিকাই ৰাখিব ‘ক্ষেপণাস্ত্রৰ প্রাচীৰ’
🔹 চীনৰ ‘আধিপত্য’ত প্রতিৰোধ লগাবলৈ হোৱাইট হাউছৰ নতুন সামৰিক কৌশল
বিশেষ বাৰ্তা, ২৭ নৱেম্বৰ : প্রশান্ত মহাসাগৰত চীনৰ ‘আধিপত্য’ত প্রতিৰোধ লগাবলৈ এইবাৰ নতুন কৌশল গ্রহণ কৰিছে আমেৰিকাই৷ বেইজিঙৰ সম্ভাব্য সামৰিক আক্রমণ প্রতিহত কৰিবলৈ এক প্রাচীৰ নির্মাণ কৰিব আমেৰিকাই৷ কিন্তু এই প্রাচীৰ কোনো শিল–ইটাৰ নহয়৷ এয়া ‘ক্ষেপণাস্ত্রৰ প্রাচীৰ’৷ আচলতে প্রশান্ত মহাসাগৰজুৰি দীর্ঘ দূৰত্বভেদী আৰু মধ্যম দূৰত্বভেদী ক্ষেপণাস্ত্র ৰখাৰ সিদ্ধান্ত লৈছে পেণ্টাগনে৷ এই সামৰিক কৌশলেৰে প্রশান্ত মহাসাগৰত নিজৰ সামৰিক অৱস্থান শক্তিশালী কৰাৰ লগতে বৈৰী ৰাষ্ট্র চীনক প্রতিৰোধ কৰাৰ চিন্তা–চর্চা চলাইছে আমেৰিকাই৷ আনফালে, প্রশান্ত মহাসাগৰত এই ক্ষেপণাস্ত্রৰ প্রাচীৰ বহুওৱা মানেই বন্ধু ৰাষ্ট্রবোৰক নিৰাপত্তাৰ ক্ষেত্রত সকাহ দিয়াও হ’ব বুলি পেণ্টাগনৰ তৰফৰ পৰা সদৰী কৰা হৈছে৷ বন্ধু দেশবোৰৰ ভিতৰত অন্যতম হৈছে স্বায়ত্তশাসিত টাইৱান৷ অর্থাৎ টাইৱানৰ বিৰুদ্ধে চীনে যি যুদ্ধৰ হুংকাৰ দি আহিছে, তাত প্রতিৰোধ লগাবলৈ এই কৌশল অৱলম্বন কৰিব মার্কিন সেনাই৷ দীর্ঘদিন ধৰি টাইৱানক চীনে নিজ ভূখণ্ডৰ অবিচ্ছেদ্য অংগ বুলি দাবী কৰি আহিছে৷ বাৰে বাৰে চীনে এই অভিযোগো কৰি আহিছে যে টাইৱানক চীনৰ বিৰুদ্ধে আমেৰিকাই উচটনি দিছে৷ প্রশান্ত মহাসাগৰত ক্ষেপণাস্ত্র মোতায়েন কৰা বিষয়টোক লৈ আমেৰিকাৰ প্রশান্ত মহাসাগৰীয় কমাণ্ডৰ বিষয়া জেনেৰেল চাৰ্লছ ফ্লিনে উল্লেখ কৰে যে আগন্তুক কেইটামান দিনৰ ভিতৰতে এই ক্ষেপণাস্ত্র সম্পর্কীয় অনুশীলন আৰম্ভ কৰা হ’ব প্রশান্ত মহাসাগৰত৷ সকলো পৰিকল্পনা মতে চলিলে ২০২৪ৰ ভিতৰত প্রশান্ত মহাসাগৰজুৰি কেইবাটাও স্থানত এই ক্ষেপণাস্ত্রবোৰ মোতায়েন কৰিব আমেৰিকাই৷ এই সামৰিক তৎপৰতা সন্দর্ভত চীনৰ উদ্ধত আচৰণ বুলি উল্লেখ কৰিছে ফ্লিনে৷