WHOৰ সদস্য পদ ত্যাগ আমেৰিকাৰ, তৃতীয় লিংগক অমান্য ঘোষণা ট্ৰাম্পৰ
সুৰশ্ৰী শৰ্মাৰ প্ৰতিবেদন, ২১ জানুৱাৰীঃ দ্বিতীয়বাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণৰ পাছতে কেইবাটাও গুৰুত্ৱপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ট্ৰাম্পৰ। ট্ৰাম্পে বাতিল কৰিলে বাইডেনৰ দিনত লোৱা ৭৮টা সিদ্ধান্ত। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOৰ সদস্য পদ ত্যাগ আমেৰিকাৰ। পেৰিছ জলবায়ু চুক্তিৰ পৰাও আঁতৰিব আমেৰিকা। ফেব্ৰুৱাৰীৰ পৰা মেক্সিক’-কানাডাৰ ওপৰত ২৫ শতাংশ শুল্ক। আমেৰিকাত তৃতীয় লিংগক অমান্য ঘোষণা। আমেৰিকা-মেক্সিক’ সীমান্তক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা। আঁতৰালে ‘টিক-টক’ৰ ওপৰত থকা নিষেধাজ্ঞা। ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত দেশ বিদেশৰ ১০০ৰো অধিক বিভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। পৰম্পৰাগতভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৱেষ্ট লনৰ মুকলি ঠাইত শপতগ্ৰহণ কৰাৰ সলনি এইবাৰ প্ৰচণ্ড শীতৰ বাবে ড’নাল্ড ট্ৰাম্পে কেপিটল হলতহে শপতগ্ৰহণ কৰে আৰু তেওঁক জন ৰবাৰ্টে শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ কৰাৰ পিছত ড’নাল্ড ট্ৰাম্পে আমেৰিকাক লৈ অনাগত চাৰি বছৰৰ পৰিকল্পনা প্ৰকাশ কৰে।