উত্তৰকাশীৰ সুৰংগ বিপর্যয় : ঔগাৰ ড্রিলিং মেচিনৰ ব্লেড ভাগিল
🔹 কাইলৈৰ পৰা মেনুৱেলী আঁতৰাব ধ্বংসাৱশেষ, উদ্ধাৰ অভিযান ব্যাহত
বিশেষ বাৰ্তা, ২৫ নৱেম্বৰ : উত্তৰকাশী ছিল্কিয়াৰা সুৰংগত আবদ্ধ ৪১ শ্রমিকক উদ্ধাৰ অভিযানে চতুর্দশ দিনত ভৰি দিলে৷ উচ্চ ক্ষমতাসম্পন্ন ঔগাৰ ড্রিলিং মেচিনেৰে ছিল্কিয়াৰা সুৰংগত ভূমিস্খলনৰ ফলত হোৱা প্রায় ৬০মিটাৰ ধ্বংসাৱশেষৰ ৪৫ মিটাৰ আঁতৰোৱাৰ পাছত বাকী থকা প্রায় ১৫ মিটাৰ ধ্বংসাৱশেষ আঁতৰাবলৈ অভিযান চলি থকাৰ মাজতেই যোৱানিশা ড্রিলিং মেচিনটোৰ ব্লেড ভাগি যায়৷ অভিযান চলাই থাকোঁতেই ড্রিলিং মেচিনটোৰ ব্লেড ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাত অভিযান বন্ধ কৰিবলগীয়া হয়৷ ৪১ আবদ্ধ শ্রমিকক মুকলি কৰি আনিবলৈ সম্পূর্ণ অনুশীলনসহ প্রক্রিয়া আৰম্ভ কৰাৰ মাজতেই যোৱানিশা ড্রিলিং মেচিনৰ বিসংগতিয়ে এই আবদ্ধ শ্রমিকৰ উদ্ধাৰ অভিযানত আউল লগাইছে৷ শুকুৰবাৰে নিশাৰ পৰা আজিলৈকে উদ্ধাৰ অভিযান বন্ধ হৈ পৰিছে ৷ কাইলৈৰ পৰা আবদ্ধ শ্রমিকক উদ্ধাৰ কৰিবলৈ বাকী থকা ধ্বংসাৱশেষ মেনুৱেলী আঁতৰ কৰাৰ প্রক্রিয়া আৰম্ভ হ’ব ৷ কার্যতঃ আবদ্ধ শ্রমিকক উদ্ধাৰ অভিযানৰ স্থিতি ক্রমান্বয়ে কঠিন হৈ উঠিছ ৷ প্রতি ক্ষণ আবদ্ধ শ্রমিকৰ বাবে জটিল হৈ পৰিছে৷ ৯০০ এম এম আৰু ৮০০ এম এম ব্যাসার্ধৰ পাইপেৰে আবদ্ধ শ্রমিকক উদ্ধাৰৰ লক্ষ্য লোৱা হৈছে যদিও ড্রিলিং মেচিন বিসংগতিৰ বাবে অভিযান বন্ধ কৰিবলগীয়া হৈছে৷ শেহতীয়া তথ্য মতে, উলম্বভাৱে খনন কৰি সুৰংগটোত আবদ্ধ হোৱা শ্রমিকৰ উদ্ধাৰ অভিযান চলাব ৷ ইতিমধ্যে এই অভিযানৰ বাবে গধুৰ ক্ষমতাশালী মেচিন ছিল্কিয়াৰা সুৰংগস্থলীলৈ অনা হৈছে৷ হায়দৰাবাদৰ পৰা ধ্বংসস্তূপ আঁতৰাবলৈ কাটাৰ অনা হৈছে৷ সমগ্র অভিযানটো পর্যবেক্ষণ কৰি থকা আন্তর্জাতিক সুৰংগ বিশেষজ্ঞ আর্নল্ড ডিক্সে প্রকাশ কৰা মতে, ঔগাৰ মেচিন ভাগিছে৷ আন এটা নাই যদিও এই অভিযান চলাবলৈ বিভিন্ন পথ আছে৷ ভূ-বিজ্ঞানী, আন্তর্জাতিক বিশেষজ্ঞ, এনডিআৰএফ, এছডিআৰএফ আৰু বিআৰঅ’ই যুদ্ধকালীন তৎপৰতাৰে ইটোৰ পিছত সিটো পদক্ষেপ লৈ ৪১ আবদ্ধ শ্রমিকক উদ্ধাৰৰ বাবে অহোপুৰুষার্থ কৰি আছে যদিও এই অভিযান কেতিয়া সামৰণি পৰিব, তাক নিশ্চিতকৈ ক’ব নোৱাৰি৷ তথ্য মতে, উলম্বভাৱে গধুৰ মেচিনেৰে ড্রিলিং কৰি আবদ্ধ শ্রমিকক উদ্ধাৰ কৰিবলৈ হ’লে ৮৬ মিটাৰ খনন কৰিব লাগিব৷ এই খনন সহজসাধ্য নহয়৷ এই খনন কৰিবলৈ কেইবাদিনৰ প্রয়োজন হ’ব৷ এনে পৰিপ্রেক্ষিতত আবদ্ধ শ্রমিকৰ উদ্ধাৰ অভিযান অনিশ্চয়তাৰ দিশে আগবাঢ়িছে ৷ উল্লেখ্য যে যোৱা ১২ নৱেম্বৰত উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগটি ভূমিস্খলনৰ ফলত শিল–মাটিৰে ভৰি পৰাত সুৰংগত কর্মৰত ৪১ শ্রমিক আবদ্ধ হৈ পৰে৷ এই আবদ্ধ শ্রমিকৰ মাজত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো দুজন আছে৷ উনুকিয়াব লাগিব যে পাইপ ব্যৱহাৰ কৰি আবদ্ধ শ্রমিকক খাদ্য–পানী, অক্সিজেন যোগান ধৰি আছে৷ আবদ্ধ শ্রমিকৰ সৈতে বার্তালাপ কৰিবলৈ মানসিক স্বাস্থ্য বিশেষজ্ঞ নিয়োগ কৰিছে৷