নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ভ্যাম্পয়াৰ’ ! ৪২ মহিলাক নৃশংসভাৱে হত্যা যুৱকৰ

🔹 আৱর্জনাৰ মাজত টুকুৰা–টুকুৰকৈ পেলাইছিল দেহ

বিশেষ বাৰ্তা, ২২ জুলাই : মানুহ নহয়, যেন ‘ভ্যাম্পয়াৰ’! কেনিয়াৰ ৩৩ বছৰীয়া কলিন্স খালুছাক লৈ এই মন্তব্য আৰক্ষীৰ৷ ৪২গৰাকী মহিলাক হত্যা কৰি মৃতদেহ টুকুৰা–টুকুৰকৈ বস্তাত ভৰাই পেলাই দিয়া কাম মানুহে কেতিয়াও কৰিব নোৱাৰে৷ অর্থাৎ প্রকৃত মানুহৰ বাবে এনে ভয়াৱহ কাম কৰাটো সম্ভৱ নহয়৷ সেইবাবে আৰক্ষীয়ে ‘ভ্যাম্পয়াৰ’ আখ্যা দিছে কলিন্সক৷ আনকি নিজৰ পত্নীকো ৰেহাই দিয়া নাই এই কুখ্যাত ঘাতকে৷ কলিন্সৰ বাসগৃহত তালাচী চলাই আৰক্ষীয়ে ৰবৰৰ গ্ল’ভছ, চেলোটেপৰ ৰোল, বস্তা ইত্যাদি জব্দ কৰিছে৷ তদন্তকাৰী আৰক্ষীয়ে নিশ্চিত কৰিছে যে কলিন্স এজন ছাইকোপ্যাথ ‘ছিৰিয়েল কিলাৰ’৷ ইতিমধ্যে আৰক্ষীৰ ওচৰত নিজৰ অপৰাধ স্বীকাৰ কৰিছে কলিন্সে৷ নাইৰোবিৰ মুকুৰি বসতি অঞ্চলৰ আৱর্জনা পেলোৱা স্থানৰ পৰা ৯গৰাকী মহিলাৰ টুকুৰা–টুকুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্র কেনিয়াত সৃষ্টি হৈছিল চাঞ্চল্য৷ এই ঘটনাক লৈ সৰৱ হৈছিল মানৱ অধিকাৰ সংগঠনসমূহ৷ প্রতিবাদকাৰী লোকক আৰক্ষীয়ে নৃশংসভাৱে হত্যা কৰি এনেদৰে মৃতদেহ পেলাই দিয়া বুলিও একাংশই অভিযোগ কৰিছিল৷ কিন্তু তদন্ত চলাই শীঘ্রে আৰক্ষীয়ে এই ঘটনাত জড়িত কলিন্সক গ্রেপ্তাৰ কৰে৷ ২০২২ চনৰ পৰা কলিন্সে মুঠ ৪২গৰাকী মহিলাক এনেদৰে হত্যা কৰি মৃতদেহ টুকুৰা–টুকুৰকৈ কাটি বস্তাত ভৰাই আৱর্জনাৰ মাজত পেলাই দিয়া বুলি স্বীকাৰ কৰিছে৷

You might also like