নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ কটা মূৰ হাতত লৈ ইউটিউবত ভিডিঅ’ আপলোড

🔹 মার্কিন যুৱকৰ কার্যক লৈ চাঞ্চল্য

বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : পিতৃ বিশ্বাসঘাতক আৰু দেশদ্রোহী ! সেই আক্রোশতে নিজৰ পিতৃৰ মূৰ কাটি নৃশংসভাৱে হত্যা কৰিলে পুত্রই৷ ইয়াৰ পাছত কটা মূৰ হাতত লৈ এই ঘটনাৰ ভিডিঅ’ ইউটিউবত পোষ্ট কৰিলে৷ ছ’চিয়েল মিডিয়াত পাঁচ ঘণ্টা ধৰি চলি থাকিল এই ভিডিঅ’৷ ঘটনাটো সংঘটিত হৈছে আমেৰিকাৰ ফিলাডেলফিয়াত৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, জাষ্টিন মোন নামৰ ৩২ বছৰীয়া যুৱকজনে ইউটিউবত ১৪ মিনিট দৈর্ঘ্যৰ এটা ভিডিঅ’ আপলোড কৰে৷ তাত দেখা যায় পিতৃৰ কটা মূৰ হাতত লৈ থিয় হৈ আছে যুৱকজন৷ মৃত পিতৃৰ নাম মাইকেল মোন৷ পিতৃ এগৰাকী চৰকাৰী কর্মী আছিল যদিও দেশৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল বুলি অভিযোগ কৰে পুত্র জাষ্টিনে৷ উল্লেখনীয় যে মাইকেলে চৰকাৰী কর্মচাৰীসকলৰ ওপৰত আক্রমণৰ ঘটনাত উৎসাহ দিছিল৷ গতিকে পুত্র জাষ্টিনে এয়া দেশৰ প্রতি ‘বিশ্বাসঘাতকতা’ আখ্যা দি পিতৃক নৃশংসভাৱে হত্যা কৰে৷

You might also like